ৰূপহীহাট : চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। অভিযানকালত বন বিভাগে উদ্ধাৰ কৰিলে বহু কাম আৰু ডাউক চৰাই। ফান্দ পাতি চৰাই চিকাৰ কৰা এজন চিকাৰী পৰিলে বন বিভাগৰ জালত। শীতৰ আগমনৰ লগে লগে সক্ৰিয় হৈ পাইছে একাংশ চোৰাং চিকাৰী। বিশেষকৈ নগাঁও জিলাত অধিক সক্ৰিয় হৈ উঠা পৰিলক্ষিত হৈছে একাংশ চোৰাং চিকাৰী।

শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ জলাশয় সমূহত আশ্ৰয় লয় দেশ বিদেশৰ বিভিন্ন প্ৰজাতিৰ পৰিভ্রমী চৰাই। শীতৰ এই সময়তে এই বিদেশী আলহীৰ নিধনত নামি পৰে একাংশ দুষ্ট চক্ৰ। মাংসৰ বাবে চোৰাং চিকাৰীয়ে হত্যা কৰে এই পৰিভ্ৰমী চৰাই সমূহক। নগাঁও জিলাৰ লাওঁখোৱা অভয়াৰণ্যৰ কাষৰীয়া অঞ্চলত এই চৰাই সমূহৰ চিকাৰৰ বাবে সক্ৰিয় হৈ উঠিছে চোৰাং চিকাৰী।

বন বিভাগেও পৰিভ্ৰমী চৰাই সমূহক চোৰাং চিকাৰীৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ তীব্ৰতৰ কৰি তুলিছে চোৰাং চিকাৰী বিৰোধী অভিযান। ৰূপহীহাটত বন বিভাগে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিছে। লাওঁখোৱা অভয়াৰণ্যৰ গড়াজান বনাঞ্চলিক বিষয়াৰ নেতৃত্বত বন বিভাগে অভিযান চলাই বহু কাম আৰু ডাউক চৰাই উদ্ধাৰ কৰাৰ লগতে এজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছে।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বন বিভাগে আনোৱাৰ হুছেইন নামৰ এজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বুধবাৰে নিশা গড়াজান বনাঞ্চলিক কাৰ্যালয়ৰ বন বিভাগৰ দলটোৱে জুৰীয়াৰ গদায়মাৰিত অভিযান চলাই বহু কেইটা কাম আৰু ডাউক চৰাই জব্দ কৰাৰ লগতে আনোৱাৰ হুছেইন নামৰ চোৰাং চিকাৰীজনক গ্ৰেপ্তাৰ কৰে। আনোৱাৰ হুছেইন দীর্ঘদিন ধৰি চৰাই চিকাৰৰ লগত জড়িত আছিল।