মানকাচৰ : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ ঠাকৰাণবাৰীত এগৰাকী মহিলা শ্ৰমিকৰ ঘৰত দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ। বিধ্বংসী অগ্নিকাণ্ড নগদ ধন, মাটিৰ নথি পত্ৰকৰ লগতে মহিলা শ্ৰমিক গৰাকীৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত। অসুস্থ স্বামী আৰু সন্তানসহ গৃহহীন হৈ পৰা মহিলা শ্ৰমিক গৰাকী সকলো হেৰুৱাই এতিয়া হাহাকাৰ কৰিব লগীয়া হৈছে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ঠাকৰাণবাৰী গাঁৱত বৃহস্পতিবাৰে নিশা এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। গাঁওখনৰ এগৰাকী মহিলা শ্ৰমিকৰ ঘৰত এই অগ্নিকাণ্ড সংঘটিত হয়।অগ্নিকাণ্ডত নগদ ধন, মাটিৰ নথি পত্ৰৰ লগতে সকলো ধৰণৰ নথি পত্ৰসহ মহিলা গৰাকীৰ একমাত্ৰ ঘৰখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

জানিব পৰা মতে মহিলা গৰাকীৰ স্বামী ৰাজু সেখ দীর্ঘদিন ধৰি অসুস্থ হৈ থকাৰ বাবে মহিলা গৰাকীয়ে মানকাচৰৰ কাজু ফেক্টৰীত শ্ৰমিক হিচাপে কাম কৰি পৰিয়াল পোহপাল দি আছে। বৃহস্পতিবাৰে মহিলা গৰাকী পৰিয়ালসহ গাঁওখনত থকা এজন আত্মীয়ৰ ঘৰত গৈছিল। নিশা ঘৰত কোনো নথকাৰ সুযোগত কোনো দুৰ্বৃত্তই মহিলা গৰাকীৰ ঘৰত অগ্নি সংযোগ কৰে। নিশা প্ৰায় ১১ বজাত এই অগ্নিকাণ্ড সংঘটিত হয়।

নিশা মহিলা গৰাকীৰ ঘৰ দাওদাওকৈ জ্বলি থকা দেখি স্থানীয় ৰাইজে তৎপৰতাৰে জুই নিৰ্বাপন কৰে যদিও মহিলা গৰাকীৰ ঘৰত থকা নগদ ১০ হাজাৰ টকা, মাটিৰ নথি পত্ৰ, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নথি পত্ৰৰ লগতে সম্পূৰ্ণ ঘৰখন ভস্মীভূত হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। কোনো কি কাৰণত মহিলা শ্ৰমিক গৰাকীৰ ঘৰত অগ্নি সংযোগ কৰিলে সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই।