জোনমণি বেমগ

বিশ্বনাথ : বিশ্বনাথত এখন বিয়া সম্পন্ন হোৱাৰ পিছতে লাগিল কেণা। বিয়াৰ পিছত কইনা নাযায় দৰাৰ লগত। লঘোনে দৰা দিনটো থাকিল থানাত। কইনাঘৰক বিয়াত হোৱা সম্পূৰ্ণ খৰছ নিদিয়া পৰ্যন্ত দৰাক ঘৰলৈ যোৱাত বাধা প্ৰদান কইনা পক্ষৰ।

বিশ্বনাথ চাৰিআলিৰ এখন বিয়া চৰ্চালৈ আহিছে। নিমন্ত্ৰিত অভ্যাগতক আপায়্যাণ কৰা হ’ল৷ হোমক সাখী কৰি বিয়াও সম্পন্ন হ’ল কিন্তু কইনা বিদায়ৰ প্ৰাকমুহূৰ্তত লাগিল কেণা৷ বিহালীৰ ভীমডঙা গাঁৱৰ বিকি সেনে বিশ্বনাথৰ হালধিবাড়ীৰ এগৰাকী ছোৱালীক পৰিয়ালৰ সদস্য আৰু গাঁৱৰ ৰাইজলৈ বিয়া কৰিবলৈ আহিছিল।

সকলো থিকে আছিল। আন বিবাহৰ দৰে এইখন বিয়াতো আছিল আনন্দ উল্লাস। এইফালে সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে হোমক সাক্ষী কৰি পূৰোহিতে সম্পন্ন কৰে বিবাহ। ইয়াৰ পিছতো সকলো থিকে আছিল কিন্তু কইনাক বিদায় দিয়াৰ পূৰ্বেহে লাগিল কেণা। দৰা বিকি সেনে কইনাৰ পিতৃৰ ভৰিত ধৰি সেঁৱা কৰিবলৈ লওঁতে দৰা হঠাৎ ঢলি পৰিল মাটিত।

দৰা মাটিত ঢলি পৰাৰ পিছতে লাগিল হুৱাদুৱা৷ দৰাৰ হেনো পুৰণি বেমাৰ আছে। কইনা পক্ষ সেয়েহে অমান্তি হয় কইনাক দৰাৰ ঘৰলৈ পঠাবলৈ৷ কইনা পক্ষই সমগ্ৰ নিশাটো আৱদ্ধ কৰি ৰাখিলে দৰাসহ দৰাৰ পৰিয়ালক।কইনা পক্ষই বিবাহ ভংগ কৰি কইনাঘৰক বিয়াত হোৱা সম্পূৰ্ণ খৰছ নিদিয়া পৰ্যন্ত দৰাক ঘৰলৈ যোৱাত বাধা প্ৰদান কৰে।

অৱশেষত কইনা পক্ষই দৰাসহ দৰাৰ পৰিয়ালৰ সদস্য সকলক লৈ আনে বিশ্বনাথ চাৰিআলি আৰক্ষী থানালৈ। দিনটো থানাত থকাৰ পিছত অবশেষত আৰক্ষী অধীক্ষকৰ মধ্যস্থতাতহে দৰাসহ পৰিয়ালটোক কইনা ঘৰে এৰি দিয়ে যদিও দুদিন পূৰ্বে এই বিবাহ ভংগৰ বাবে দুয়ো পক্ষ কাষ চাপিব বিশ্বনাথ ন্যায়লয়ৰ।