জোনমণি বেগম
বিশ্বনাথ : চিবিএছই’ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজ্জ্বলিল বিশ্বনাথৰ লোচনা বাচটোলা। চিবিএছই’ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত দেশৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ নম্বৰ লাভ কৰিলে বিশ্বনাথৰ ছাত্ৰী লোচনা বাচটোলাই। বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নৱোদয় বিদ্যালয়, শোণিতপুৰৰ ছাত্রী লোচনা বাচটোলা। চিবিএছচি’ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৯৯.৮০ শতাংশ নম্বৰ লাভ কৰিছে লোচনা বাচটোলাই।

শুকুৰবাৰে ঘোষণা কৰা চিবিএছই’ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফত দেশৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ নম্বৰ লাভ কৰি বিশ্বনাথ তথা ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে বিশ্বনাথৰ এগৰাকী ছাত্ৰীয়ে। বিশ্বনাথ চাৰিআলিৰ মধুপুৰৰ গোপাল শৰ্মা বাচটোলা আৰু মেনকা বাচটোলাৰ কন্যা লোচনা বাচটোলাই জৱাহৰ নৱোদয় বিদ্যালয়, শোণিতপুৰৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৯৯ নম্বৰসহ ৯৯.৮০ শতাংশ নম্বৰ লাভ কৰি দেশৰ ভিতৰতে দ্বিতীয় সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

চলিত বৰ্ষৰ পৰা স্থানপ্ৰাপ্তৰ নাম প্ৰকাশত কিছু নতুন নিয়ম বলবৎ কৰাত লোচনা বাচটোলাৰ স্থান ঘোষণা কৰা হোৱা নাই যদিও এই নম্বৰ লাভৰ কৰি লোচনা বাচটোলাই অভিলেখ সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে। শ্বিলং মণ্ডলৰ জৱাহৰ নৱোদয় শিক্ষা সমিতিৰ অধীনৰ বিশ্বনাথ চাৰিআলিস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰী লোচনা বাচটোলাই ইংৰাজী, গণিত, অসমীয়া, সমাজ বিজ্ঞানত ১০০ নম্বৰকৈ লাভ কৰাৰ বিপৰীতে বিজ্ঞান বিষয়ত ৯৯ নম্বৰ লাভ কৰি শ্বিলং মণ্ডলৰ সৰ্বোচ্চ নম্বৰ লাভ কৰে। সম্প্ৰতি বিজ্ঞান শাখাত নামভৰ্তি কৰি ভৱিষ্যতে চিকিৎসক হোৱাৰ মন বুলি সাংবাদিকক জানিবলৈ দিয়ে লোচনা বাচটোলাই।

নিদিষ্ট ৰুটিন অনুসৰণ নকৰাকৈ বিদ্যালয়ৰ শিক্ষক সকলৰ পৰা আহৰণ কৰা শিক্ষাৰে এই সফলতা লাভ কৰি অত্যন্ত সুখী বুলিও মন্তব্য প্ৰকাশ কৰে লোচনা বাচটোলাই। লোচনা বাচটোলাৰ বিশ্বনাথৰ মধুপুৰৰ বাসগৃহত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে বিভিন্ন ব্যক্তি তথা দল-সংগঠন উপস্থিত হৈ লোচনা বাচটোলাক অভিনন্দন জনাইছে। লোচনা বাচটোলাই ষষ্ঠ শ্ৰেণীৰ পৰাই বিশ্বনাথ চাৰিআলিস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত অধ্যয়ন কৰি আছিল। ইফালে কন্যাৰ এই সাফল্যত অত্যন্ত সুখী পিতৃ-মাতৃ।