নিউজ ডেস্ক : অৰুণাচল প্ৰদেশত নিহত অসমৰ ৪ জনকৈ যুৱক। এক ভয়ংকৰ পথ দুর্ঘটনাত অৰুণাচল প্ৰদেশত নিহত হৈছে অসমৰ যুৱক ৪ জন। অৰুণাচল প্ৰদেশৰ টাৱাংলৈ ফুৰিব গৈছিল দুর্ঘটনাত নিহত হোৱা অসমৰ যুৱক ৪ জন। শুকুৰবাৰে পুৱাৰ ভাগত যুৱক ৪ জনৰ মৃতদেহ উদ্ধাৰ হয়।

অৰুণাচল প্ৰদেশত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুর্ঘটনাত অসমৰ ৪ জনকৈ যুৱক নিহত হৈছে। যুৱক ৪ জনে নিয়া বাহনখন পাহাৰৰ পৰা ২০০ ফুট তলত উদ্ধাৰ কৰা হয়। অৰুণাচল প্ৰদেশৰ টাৱাংলৈ ফুৰিব যোৱা অসমৰ যুৱক ৪ জন যোৱা ১৯ জুলাইৰ পৰা সন্ধানহীন হৈ আছিল।

শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ আৰক্ষীৰ লগত যুৱক ৪ জনৰ পৰিয়ালৰ লোকে অভিযান চলাই যুৱক ৪ জনৰ বাহন পাহাৰৰ ২০০ ফুট তলত পৰি থকা প্ৰত্যক্ষ কৰে। নিহত যুৱক ৪ জন হৈছে বেদান্ত বৰমেহেলা, নয়ন বাসুমতাৰী, হিৰক বড়ো আৰু সঞ্জীৱ দাস। দুর্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।