গুৱাহাটী : ৰাজ্যৰ অন্যতম আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড ব্লেক টাইগাৰ চিমেণ্টে শেহতীয়াকৈ বৰাক উপত্যকা আৰু নগাঁও জিলাৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চল সমূহত বান সাহায্য শিবিৰ আৰম্ভ কৰিছে। উল্লেখ্য যে অসমৰ বান পৰিস্থিতি এতিয়াও ভয়াবহ হৈ আছে আৰু ৩৫ খন জিলাৰ ভিতৰত ২০ খন জিলা এতিয়াও প্লাৱিত হৈ আছে। বানপানীৰ ফলত ৯ লাখতকৈও অধিক লোক প্ৰভাৱিত হৈছে আছে।

এই বানাক্ৰান্ত জিলা সমূহত মৌলিক প্ৰয়োজনীয়তাৰ পৰা বঞ্চিত হোৱা বানপীড়িত লোক সকলৰ মাজত বিতৰণৰ বাবে ব্লেক টাইগাৰ চিমেণ্টে বিভিন্ন খাদ্য সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী লৈ সাহায্যৰ বাবে আগবাঢ়ি আহিছে। দুয়োখন জিলাৰ স্থানীয় প্ৰশাসনৰ সৈতে ব্লেক টাইগাৰ চিমেণ্টৰ দলটোৱে ব্যক্তিগতভাৱে বান সাহায্য বিতৰণ অভিযানত নামি পৰিছে। দুয়োখন জিলাৰ বেছিভাগ অঞ্চলতে যোগাযোগৰ সমস্যা আছিল যাৰ ফলত এলেকাবোৰত উপস্থিত হোৱাটো বেছ কঠিন হৈ পৰিছিল। তৎসত্ত্বেও ব্লেক টাইগাৰ চিমেণ্টৰ দলটোৱে জনসাধাৰণৰ ওচৰলৈ গৈ তেওঁলোকৰ সাহায্য বিতৰণ অভিযানত কোনো ক্ৰুটি কৰা নাই।

এই প্ৰচেষ্টা সন্দৰ্ভত মন্তব্য কৰি ব্লেক টাইগাৰ চিমেণ্টৰ পৰিচালনা সঞ্চালক সঞ্জয় কে আৰ গুপ্তাই কয়, “বৰাক উপত্যকা আৰু নগাঁৱত বান সাহায্য শিবিৰ আয়োজন কৰি আমি আমাৰ নিজৰ সৰল উপায়েৰে অসমৰ বানপীড়িত সকলক আমাৰ সমৰ্থন আগবঢ়োৱাৰ চেষ্টা কৰিছো”। ব্লেক টাইগাৰ চিমেণ্ট পৰিয়ালে প্ৰলয়ংকৰী বানপানীৰ ফলত ক্ষতিগ্ৰস্থ লোক সকলৰ প্ৰতি দূখ প্ৰকাশ কৰাৰ লগতে প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে বুলিও কয় ব্লেক টাইগাৰ চিমেণ্টৰ পৰিচালনা সঞ্চালক গৰাকীয়ে।