জোনমণি বেগম
বিশ্বনাথ : বন বিভাগৰ মূৰৰ কামোৰণী বন বিভাগৰ জালত। বিশ্বনাথ জিলা বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাৰ অভিযানত গ্ৰেপ্তাৰ হ’ল বন বিভাগৰ মূৰৰ কামোৰণী। কুখ্যাত গঁড় চিকাৰী ৰচিদুল হক ওৰফে মেৰু ওৰফে বাবু বন বিভাগৰ জালত।

বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ হ’ল কুখ্যাত গঁড় চিকাৰী ৰচিদুল হক ওৰফে মেৰু ওৰফে বাবু। বন বিভাগৰ মূৰৰ কামোৰণী স্বৰূপ বহুতো গঁড় হত্যাৰ লগত জড়িত ৰচিদুল হকক বিচাৰি বহু বছৰ ধৰি জাল পাতি ৰাখিছিল বিশ্বনাথ জিলা বন বিভাগে। কিন্তু ৰচিদুল হকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল বন বিভাগ।

২০১৮ চনৰ ৯ জুন তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ শীলডুবি পানপুৰ শিবিৰত এলেকাত ৰচিদুল হকৰ নেতৃত্বতে হত্যা কৰা হৈছিল এটা গঁড়। ইয়াৰ পিছৰে পৰা ৰচিদুল হক পলায়ন কৰি কেৰেলাত আত্মগোপন কৰি আছিল। প্ৰায় তিনিবছৰ কেৰেলাত থাকি পুনৰ ৰচিদুল হক উভতি আহিছিল নিজ গৃহ বিশ্বনাথৰ ৪ নং ভোজমাৰীত।

ৰচিদুল হক নিজ গৃহলৈ উভতি অহাৰ পৰাই গাঁৱৰ এখন বিলৰ কাষত টঙি ঘৰ সাজি সেই টঙি ঘৰতে বাসবাস কৰি আছিল আৰু নিজৰ নিৰাপত্তাৰ বাবে নিয়োগ কৰিছিল দুজনকৈ লোক। কিন্তু বন বিভাগে গোপনে ৰচিদুল হকক গ্ৰেপ্তাৰ কৰিবলৈ পাতি থৈছিল জাল আৰু বুধবাৰে নিশা বন বিভাগৰ এই জালত পৰে কুখ্যাত গঁড় চিকাৰী ৰচিদুল হক।

বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান বনাঞ্চলিক বিষয়া যতীন্দ্ৰ মোহন দাসৰ নেতৃত্বত বন বিভাগৰ এটা অভিযানকাৰী দলে বিশ্বনাথৰ ভোজমাৰীৰ উল্লেখিত বিলত টাঙি ঘৰত শুই থকা অবস্থাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৰচিদুল হকক। আনহাতে বন বিভাগৰ লোকে ৰচিদুল হক পুনৰ গঁড় হত্যা কৰাৰ পৰিকল্পনাৰ বিষয়ে গোপন তথ্য লাভ কৰিছিল।

কুখ্যাত গঁড় চিকাৰীজনৰ গঁড় হত্যাৰ পৰিকল্পনা সফল হ’বলৈ নিদিলে বন বিভাগে। কুখ্যাত গঁড় চিকাৰী ৰচিদুল হকক বন বিভাগে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাটো বন বিভাগৰ বাবে এক ডাঙৰ সফলতা বুলি কব পাৰি। বন বিভাগৰ লোকে অধিক তথ্যৰ বাবে কুখ্যাত গঁড় চিকাৰী ৰচিদুল।হকক জেৰা অব্যাহত ৰাখিছে।