জলেশ্বৰ : এক ভয়ংকৰ নাও দুর্ঘটনা। নাৱৰ পৰা জিঞ্জিৰাম নৈত পৰিল ছয় গৰাকী যাত্ৰী। এই ছয় গৰাকী যাত্ৰীৰ মাজত আছিল এগৰাকী ছাত্ৰী। ৰাইজৰ তৎপৰতাত জীৱন্তে নৈৰ পৰা উদ্ধাৰ যাত্ৰী সকল।

গোৱালপাৰা জিলাৰ জলেশ্বৰত সংঘটিত হৈছে এক ভয়ংকৰ নাও দুর্ঘটনা। মাংলবাৰে জলেশ্বৰ বিধনাসভা সমষ্টিৰ অন্তৰ্গত ডিংডিঙাত সংঘটিত হয় এই নাও দুর্ঘটনা। এগৰাকী ছাত্ৰীসহ ছয় গৰাকী যাত্ৰী নাৱৰ পৰা নৈত পৰে।

যাত্ৰীবাহী নাও এখনৰ পৰা হঠাৎ ছয় গৰাকী যাত্ৰী জিঞ্জিৰাম নৈত পৰি যায়। স্থানীয় ৰাইজে তৎপৰতাৰে যাত্ৰী সকলক জীৱন্তে নৈৰ পৰা উদ্ধাৰ কৰে। জানিব পৰা মতে যাত্ৰীবাহী নাওখনত প্ৰায় ২৫ গৰাকী যাত্ৰী আছিল।

জিঞ্জিৰাম নৈৰ প্ৰৱল সোঁতৰ বাবে এই দুর্ঘটনা সংঘটিত হয়। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে হাৰুৱাফুটা ঘাট পোৱাৰ পূৰ্বে নাওখনৰ পৰা এগৰাকী স্কুলীয়া ছাত্ৰীসহ ছয় গৰাকী যাত্ৰী নৈত পৰি যায়। ৰাইজৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে যাত্ৰী সকলৰ। উল্লেখ্য যে এই ঘাটৰে প্ৰতিদিনে দুই কেইবা শতাধিক লোকে যাত্ৰা কৰে