বৰপেটা : বৰপেটাৰ ভেল্লাত এখন প্ৰাথমিক বিদ্যালয়ত অগ্নিকাণ্ড। প্ৰাথমিক বিদ্যালয়খনত দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ। অগ্নিকাণ্ডত প্ৰাথমিক বিদ্যালয়খনৰ বহু নথ-পত্ৰ ভস্মীভূত। গুণোৎসৱৰ মাজতে প্ৰাথমিক বিদ্যালয়খনত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য।

গুণোৎসৱৰ মাজতে বৰপেটা জিলাৰ ভেল্লাত এখন বিদ্যালয়ত অগ্নি সংযোগ কৰাৰ ঘটনা সংঘটিত হৈছে। ভেল্লাৰ ১৮২৮ নং দ্বৰ্গাহপুৰ পশ্চিমহাটী প্ৰাথমিক বিদ্যালয়খনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। অগ্নিকাণ্ডৰ ফলত বিদ্যালয়খনৰ বিস্তৰ ক্ষতি সাধন হোৱা বুলি জানিব পৰা গৈছে। বিদ্যালয়খনৰ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ লগতে বহু সামগ্ৰী ভস্মীভূত হৈছে।

বিদ্যালয়খনত কেনেকৈ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে এই সম্পৰ্কে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মামনি দাসে বিদ্যালয়খনত অগ্নি সংযোগ কৰাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মামনি দাস পুৱা প্ৰায় ৪.৩০ বজাত হঠাৎ বিদ্যালয়খনত উপস্থিত হোৱাকলৈ স্থানীয় ৰাইজে এই সন্দেহ প্ৰকাশ কৰিছে।

গুণোৎসৱৰ বিফলতা ঢাকিবলৈ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে বিদ্যালয়খনৰ গডৰেজত অগ্নি সংযোগ কৰি তাৰ পৰা ওলাই যোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ ৰাইজে। বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে শিক্ষণ প্ৰক্ৰিয়াত দুৰ্বলতা থকাৰ অভিযোগ পূৰ্বৰে পৰাই আছে বুলিও একাংশ ৰাইজে জানিবলৈ দিয়ে।গুণোৎসৱৰ বাবে বিদ্যালয়খনত নিৰিক্ষক আহি পৰ্যবেক্ষণ কৰাৰ কথা আছিল।