আজিজ আলী
নলবাৰী : আদাবাৰীত পাগলাদিয়া নৈৰ বুকুত পৰম্পৰাগত নাও খেল। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত আদাবাৰীত পাগলাদিয়া নৈত পৰম্পৰাগত নাও খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। নাও খেল উপভোগ কৰিবলৈ অহা দৰ্শকেৰে লোকে লোকাৰণ্য হৈ পৰে পাগলাদিয়াৰ পাৰ।

নামনি অসমত জনপ্ৰিয় খেল হিচাপে জনাজাত নাও খেল। নামনি অসমৰ কেইবাখনো জিলাত অনুষ্ঠিত কৰা হয় নাও খেল প্ৰতিযোগিতা। নলবাৰী জিলাটো যুগ যুগ ধৰি প্ৰতিবছৰে নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিবছৰৰ দৰে এইবাৰো জিলাখনৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাৰ আদাবাৰীত পাগলাদিয়া নৈত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

আদাবাৰীত পাগলাদিয়া নৈৰ বুকুত অনুষ্ঠিত হোৱা এই পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা চাবলৈ সমাগম ঘটে হাজাৰ হাজাৰ লোকৰ। আদাবাৰী মুক্তি সংগ্ৰাম যুৱক সংঘৰ উদ্যোগত আৰু আদাবাৰী-সূতাৰকুছি গাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হয় এই নাও খেল প্ৰতিযোগিতাখন। প্ৰতিযোগিতাখনত ভিন্ন প্ৰান্তৰ ১২ টা নাও অংশগ্ৰহণ কৰে।

নাও খেল প্ৰতিযোগিতাখনৰ আকৰ্ষণীয় ফাইনেল খেলখনত অংশগ্ৰহণ কৰে “জোনবাই” আৰু “দীন দয়াল” নামৰ দুটা দলে। প্ৰতিযোগিতাৰ ফাইনেল খেলত জয়লাভ কৰি প্ৰতিযোগিতাখনৰ খিতাপ অৰ্জন কৰে “দীন দয়াল” নামৰ দলটোৱে। ইফালে নাও খেল উপভোগ কৰিবলৈ অহা বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ দৰ্শক নাও খেলখন উপভোগ কৰি আনন্দিত হৈ পৰা পৰিলক্ষিত হয়।