মানকাচৰ : কৃষকৰ বাবে সঠিক ধানৰ জাত নিৰ্বাচন কৰিবলৈ মানকাচৰত পৰীক্ষামূলকভাৱে একেডৰা মাটিত ১০ বিধ ধানৰ জাত ৰোপন জিলা কৃষি বিভাগৰ। ধান খেতি কৰাৰ ক্ষেত্ৰত কৃষক সকলে যাতে সঠিক ধানৰ জাত নিৰ্বাচন কৰিব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ শালমাৰা-মানকাচৰ জিলা কৃষি বিভাগৰ গুৰুত্বপূৰ্ণ পদক্ষেপ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তবৰ্তী অয়ডোবাত জিলা কৃষি বিভাগে পৰীক্ষামূলকভাৱে একেডোৰা মাটিত একে সময়তে ১০ বিধ ধানৰ জাত ৰোপন কৰিছে।উল্লেখযোগ্য যে অসম কৃষি বানিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্পৰ অধীনত দক্ষিণ শালমাৰা-মানকাচৰ জিলা কৃষি বিভাগে মানকাচৰৰ অয়ডোবা গাঁৱৰ সঞ্জু হাজংৰ একেডৰা ভূমিত ১০ বিধ বিভিন্ন ধৰণৰ ধানৰ জাত ৰোপন কৰে।

ধান ৰোপনৰ সময়ত জিলা ভাৰপ্ৰাপ্ত কৃষি বিষয়া মইনুল হক আৰু জিলা প্ৰশাসনৰ গবেষণা সহায়ক (আৰ এ) অনিল সন্দিকৈ উপস্থিত থাকে। মুঠ ২০০ বৰ্গফুট একেডৰা মাটিত ১০ টা প্লোট বনাই ১০ বিধ ধানৰ জাত ৰোপন কৰা হয়। কৃষক সকলে যাতে নিজে নিজৰ পছন্দ মতে অধিক লাভাম্বিত হোৱাকৈ ধান খেতি কৰিব পাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জিলা কৃষি বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া মইনুল হকে জানিবলৈ দিয়ে।