আমিনুৰ ৰহমান
শিৱসাগৰ : শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ প্ৰতিষ্ঠা দিৱসৰ পালন। মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত পুৱা মহাবিদ্যালয়ৰ পতকা উত্তোলন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সৌমাৰ জ্যোতি মহন্তই।

সমান্তৰালকৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ পতকা উত্তোলন কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ সভাপতি নৰেন চেতিয়াই। স্মৃতি তৰ্পন কৰে সাধাৰণ সম্পাদক চন্দোৎপল বৰাই। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ তৰফৰ পৰা মহাবিদ্যালয়খনত এটা ডিজিটেল শ্ৰেণী কোঠাৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ স্থায়ী কাৰ্যালয়ৰ পুনৰ নিৰ্মাণ কৰি শুভ উদ্ধোধন কৰা হয়।

উদ্ধোধন কৰে শিৱসাগৰ জিলাৰ উন্নয়ণ আয়ুক্ত শুভম গোৱালাই। ইয়াৰ পিছতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এক অন্তৰংগ আলাপ অনুষ্ঠিত কৰা হয়। পুৰণি দিনক সোঁৱৰি নষ্টালজিক হৈ পৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকল। প্ৰাক্তন ছাত্ৰ জিতু জ্যোতি গায়নে নিজৰ সু-মধুৰ গীতে জীপাল কৰি তোলে অনুষ্ঠানটো। ইপিনে মহাবিদ্যালয়খনৰ পৰা বিভিন্ন দিশত পাৰদৰ্শিতা দেখুওৱা বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।