মংগলদৈ, ২৬ ডিচেম্বৰ: ছিপাঝাৰ থানাত গুণ্ডাগিৰি কৰিবলৈ আহি লকআপৰ আলহী হ’ল দৰঙৰ ভকতপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট আলি৷ লোহাৰ ৰদেৰে থানাৰ লকআপৰ ভিতৰত থকা জুলহাজ আলি নামৰ আচামী এগৰাকীক লকআপ খুলি আক্ৰমণ কৰিবলৈ ওলাওতেই বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে ছিপাঝাৰ আৰক্ষীয়ে। পুৰনি কাজিয়াৰ পৰিণতিত বিষয়াগৰাকীৰ এই গুণ্ডাগিৰি৷