বৰপেটাৰোড, ১ ডিচেম্বৰ: বৰপেটাৰোডৰ সমীপৰ বাক্সা জিলাৰ শিমলাগুৰিত আজি এখন বাছৰ পৰা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে। এই সম্পৰ্কত গোৱালপাৰাৰ আব্বাছ আলী নামৰ এজন লোকক শিমলাগুৰী আৰক্ষীয়ে আটক কৰিছে। তেওঁৰ পৰা আৰক্ষীয়ে ৫০ ডাল ডিট’নেটৰ, ৫০ ডাল জিলেটিন ষ্টিক জব্দ কৰিছে। আৰক্ষীৰ জেৰাত ধৃত আব্বাছ আলীয়ে গোৱালপাৰাৰ ৰাক্ষসিনীৰ পৰা বিস্ফোৰক সামগ্ৰীখিনি অনা বুলি জানিবলৈ দিয়ে।