কলগাছিয়া, ১ ডিচেম্বৰ: মানাহ আৰু ব্ৰহ্মপুত্ৰ নদীয়ে খৰালিৰ দিনতো কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কিচমত মইনবৰী, জয়পুৰ, তাৰাকান্দি, চিকাটাৰী গাঁৱত মাত্ৰ এমাহৰ ভিতৰত বিধ্বংসী গৰাখহনীয়াই তাণ্ডৱ চলাই ২ খন কৈ শিক্ষানুষ্ঠান, ৪ খন ধৰ্মীয় অনুষ্ঠান সহ ২০০ অধিক পৰিয়ালৰ ঘৰ-দুৱাৰ উছন কৰি নিয়াত সৰ্বশ্ৰান্ত হৈ পৰিয়ালৰ লোকে সম্প্ৰতি পথৰ ভিক্ষাৰীত পৰিণত হৈছে। কণ- কণ সন্তানক লৈ একপ্ৰকাৰ পহুৰ দৰে জীৱন যাপন কৰিছে এইসকল দুৰ্ভোগীয়া পৰিয়ালৰ লোকে। খহনীয়া গ্ৰস্ত পৰিয়ালৰ লোকসকলে ইতিমধ্যে বৰপেটা জিলাৰ জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰ আৰু বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদক কেইবাবাৰো অৱগত কৰিছিল যদিও গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে। আনহাতে ৰাজ্য চৰকাৰে নমামি ব্ৰক্ষ্মপুত্ৰ, নমামি বৰাক আদি অনুষ্ঠান পাতি চৰকাৰী ধন অপচয় কৰাৰ পৰিৱৰ্তে সেই পুঁজিৰে নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সোণোৱাল চৰকাৰৰ ওচৰত দাবী জনাইছে ৰাইজে। এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু জনপ্ৰতিনিধি কুম্ভকৰ্ণ নিদ্ৰাত শুই থকাৰ অভিযোগ উঠিছে ।