ৰঙিয়া, ১৪ জুনঃ ৰঙিয়াৰ মাজ-মজিয়াত থকা এখন চৰকাৰী বিদ্যালয়৷ ১৯৭২চনত স্থাপিত হোৱা বিদ্যালয়খনৰ নাম শ্ৰী মন্ত শংকৰদেৱ শিশু বিদ্যালয়৷ ৰঙিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত এই বিদ্যালয়খনত আছে কিছুমান আজৱ নিয়ম৷ বতৰৰ ওপৰত নিৰ্ভৰ কৰে বিদ্যালয়খনৰ পাঠদান প্ৰক্ৰিয়া৷ হাবি জংগলৰ মাজত থকা বিদ্যালয়খনৰ চৌহদ এজাক বৰষুণ দিলেই পানীৰে ভৰি পৰে৷ যাৰ কাৰণে পানী নুশুকোৱালৈ বন্ধ ৰাখিব লাগে বিদ্যালয়খন৷ এনে পৰিস্থিতিত বিদ্যালয়খন প্ৰায়ে বন্ধ থকাত শিক্ষা লাভৰ পৰা বঞ্চিত হয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী৷ নগৰৰ মাজ-মজিয়াত থকা বিদ্যালয়খনৰ এনে দুৰৱস্থাই চিন্তিত কৰি তুলিছে অভিভাৱক সকলক৷ প্ৰায়ে দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনৰ উত্তৰণত গুৰুত্ব নাই শিক্ষা বিভাগৰ৷ স্থানীয় ব্যক্তি তথা অভিভাৱক সকলে শিক্ষা বিভাগৰ এনে দ্বায়িত্বহীন ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বিদ্যালয়খনৰ আন্তঃগাঁঠনি উন্নয়ন কৰি শৈক্ষিক পৰিবেশ সৃষ্টিৰ আহ্বান জনাইছে৷