ৰঙিয়া, ১৪ জুনঃ শিশু শ্ৰমিক দিৱস উদযাপনৰ মাত্ৰ এটা দিনৰ পিছতেই ৰঙিয়া উদ্ধাৰ হয় এটা শিশু শ্ৰমিক৷ মালিকৰ অকথ্য শাৰিৰীক নিৰ্যাতন সহ্য কৰিব নোৱাৰি ঘৰৰ পৰা পলায়ন কৰোতেই ৰঙিয়াত চিআৰপিএফে উদ্ধাৰ কৰে আঠ বছৰীয়া শিশুটোক৷ বিশ্বনাথ চাৰিআলিৰ এখন চাহ-বাগিছাৰ জন নামৰ লোকৰ ঘৰত কাম কৰিবলৈ থৈ গৈছিল শিশুটোৰ পিতৃ-মাতৃয়ে৷ দৰিদ্ৰতাৰ সুযোগ লৈ জনে বিভিন্ন উজুহাতত শিশুটোৰ ওপৰত চলাইছিল শাৰীৰিক নিৰ্যাতন৷ অৱশেষত মালিকৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি শিশুটোৱে ঘৰৰ পৰা পলায়ন কৰে৷ কিন্তু ঘৰলৈ যোৱাৰ পথ ভুল কৰি ৰেলত উঠে শিশুটো৷ ৰেলত টহলদাৰী ৰেলৱে সুৰক্ষা বাহিনীৰ চকু পৰে শিশুটোৰ ওপৰত৷ সুৰক্ষা বাহিনীৰ সোধ-পোছত শিশুটোৱে সমগ্ৰ ঘটনা ব্যক্ত কৰে৷ ৰেলৱে সুৰক্ষা বাহিনীয়ে শিশুটোক ছাইল্ড-লাইনৰ হাতত চমজাই দিয়ে৷