নগাঁও : পুনৰ এজন চৰকাৰী।কৰ্মচাৰীয়ে হাত দাঙিলে। উৎকোচ (Bribe) লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পৰিল জনস্বাস্থ্য কাৰিকৰি বিভাগৰ এগৰাকী গাননিক। ঠিকাদাৰৰ পৰা দাবী কৰা উৎকোচৰ ধন লৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে জনস্বাস্থ্য কাৰিকৰি বিভাগৰ গাননিক পুলিন শইকীয়াক।

দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযানত ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে জালত। ইয়াৰ পিছতো একাংশ দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীয়ে এৰা নাই দুৰ্নীতিৰে ধন ঘটা কাৰ্য। পুনৰ দুৰ্নীতিৰে ধন ঘটিবলৈ গৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এগৰাকী চৰকাৰী কৰ্মচাৰী। ৩৫ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল জনস্বাস্থ্য কাৰিকৰি বিভাগৰ গাননিক পুলিন শইকীয়া।

নগাঁও জিলাৰ চামগুৰিত বুধবাৰে নিশাৰ ভাগত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই পুলিন শইকীয়াক উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰে। বোকাখাত পি এইচ ইৰ কাৰ্যবাহী অভিযন্ত্ৰা কাৰ্যালয়ৰ গাননিক পুলিন শইকীয়াই এজন ঠিকাদাৰৰ পৰা জল জীৱন আঁচনিৰ বিল মোকলাই দিয়াৰ নামত উৎকোচ দাবী কৰিছে। নিশা দাবী কৰা উৎকোচৰ ধন লৈ থকা অৱস্থাত জালত পৰে পুলিন শইকীয়া।

পুলিন শইকীয়াই উৎকোচৰ ধন দিবলৈ ঠিকাদাৰজনক চামগুৰিলৈ মাতিছিল। চামগুৰিত ঠিকাদাৰজনৰ পৰা ৩৫ হাজাৰ টকা লৈ থাকোতে দুৰ্নীতি নিবাৰক শাখাৰ দলে গ্ৰেপ্তাৰ কৰে পুলিন শইকীয়াক। উৎকোচ লৈ হাতে-লোটে ধৰা পৰা দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পুলিন শইকীয়াই সংবাদ মাধ্যমৰ আগত উৎকোচ লোৱাৰ কথা অস্বীকাৰ কৰি কয় যে এইয়া তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ।

পুলিন শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ পিছতে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে দুৰ্নীতি কৰি সম্পত্তিৰ পাহাৰ গঢ়া পুলিন শইকীয়াৰ সম্পত্তি বিচাৰি অভিযান আৰম্ভ কৰে। পুলিন শইকীয়াৰ শহুৰেকৰ ঘৰত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে কেইবা লক্ষাধিক টকাৰ লগতে কিছু আপত্তিজনক নথিপত্ৰও জব্দ কৰে বুলি জানিব পৰা গৈছে। পুৱতি নিশা ৩ বজালৈ পুলিন শইকীয়াৰ শহুৰেকৰ ঘৰত অভিযান চলিছিল দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে।