ফকিৰগঞ্জ : ফকিৰগঞ্জ থানাৰ (Fakirganj Police Station) লগতে কেইবাটাও প্ৰতিষ্ঠানৰ প্ৰতি ভাবুকি। ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াই (River Brahmaputra Erosion) ভাবুকি কঢ়িয়াই আনিছে ফকিৰগঞ্জ থানাৰ লগতে কেইবাটাও চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্রতিষ্ঠানলৈ। ব্ৰহ্মপুত্ৰ নদীৰ বুকুত ডুব যোৱাৰ উপক্ৰম হামিদাবাদ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়।

দক্ষিণ শালমাৰা-মানকাচৰ (South Salmara-Mankachar) জিলাৰ অন্তৰ্গত ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই তাণ্ডৱ অব্যাহত ৰাখিছে। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে হামিদাবাদ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে ফকিৰগঞ্জ থানা আৰু কেইবাটাও চৰকাৰী-বেচৰাকী অনুষ্ঠান-প্ৰতিষ্ঠানলৈ। ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰি মানচিত্ৰৰ পৰা।বিলীন হোৱাৰ পথত ফকিৰগঞ্জৰ বহু অঞ্চল। ইফালে হামিদাবাদ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গ’লেই শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’ব ডেৰ সহস্ৰাধিক শিক্ষাৰ্থী।

ফকিৰগঞ্জ অঞ্চলত চলি থকা ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ তাণ্ডৱৰ বাতৰি বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱে প্ৰচাৰ হৈ আছে সংবাদ মাধ্যমত। সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ পিছত ধুবুৰী জিলা উপায়ুক্ত, বিধায়ক ওৱাজেদ আলী চৌধুবুৰীৰ লগতে জলসম্পদ বিভাগৰ একাংশ বিষয়ববীয়া অঞ্চলটোত উপস্থিত হৈ ব্ৰহ্মপুত্ৰ নদীৰ গৰা খহনীয়াৰ পৰা অঞ্চলটোক ৰক্ষা কৰিবলৈ তৎকালীনভাৱে ৪৮ লাখ টকাৰ জিঅ’ বেগৰ কাম আৰম্ভ কৰে। বিশেষকৈ ১৯৪১ চনত স্থাপন হোৱা হামিদাবাদ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ জিলা প্ৰশাসনে জিঅ’ বেগৰ দ্বাৰা গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰে।

অঞ্চলটোত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়ৰ কাম যুদ্ধকালীনভাৱে চলি আছে যদিও বিজ্ঞানসন্মতভাৱে কাম নকৰাত গৰাখহনীয়া অব্যাহত আছে। এফালে গৰাখহনীয়া ৰোধৰ বাবে নদীৰ পাৰত মাটি ভৰাই পেলোৱা হৈছে জিঅ’ বেগ, আনফালে নদীৰ পাৰ চপৰা-চপৰে খহিবলৈ ধৰিছে। জলসম্পদ বিভাগৰ এনে কৰ্মকাণ্ডত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। বিধায়ক ওৱাজেদ আলী চৌধুৰী ঘটনাস্থলীত উপস্থিত হৈ গৰাখহনীয়া পৰিদৰ্শন কৰা অৱস্থাত একাংশ লোকৰ দ্বাৰা জবাবদিহীৰ সম্মুখীন হ’বলগীয়া হয়। কামৰ দায়িত্ব লাভ কৰা ঠিকাদাৰে দুৰ্নীতি সংঘটিত কৰাৰ বাবেই নদীত এইদৰে পৰিকল্পনাহীনভাৱে জিঅ’ বেগ পেলাই থকাৰ অভিযোগ উত্থাপন কৰে ৰাইজে।

উল্লেখ্য যে বৰ্তমানে হামিদাবাদ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ একেবাৰে কাষ চাপিছে ব্ৰহ্মপুত্ৰ নদী। বিদ্যালয়ৰ মুল গৃহসমূহ নদীৰ পৰা প্ৰায় ১০ মিটাৰ ওচৰত থকাৰ লগতে বিদ্যালয়খনৰ চাৰিসীমাৰ বেৰৰ পৰা মাত্ৰ ২ মিটাৰ নিলগত আছে মহাবহু ব্ৰহ্মপুত্ৰ। অতি শীঘ্ৰে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধত গুৰুত্ব নিদিলে বিদ্যালয়খন নদীৰ বুকুত বিলীন হৈ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। হামিদাবাদ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ লগতে ফকিৰগঞ্জ থানা, কেইবাটাও চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, ফকিৰগঞ্জ বজাৰৰ লগতে অঞ্চলটো নদীৰ বুকুত বিলীন যোৱাৰ আংশকা প্ৰকাশ কৰিছে স্থানীয় খহনীয়াগ্ৰস্থ ৰাইজে।