ছিপাঝাৰ : এক নৃশংস হত্যাকাণ্ড (Murder)। চিপৰাঙেৰে মৰিয়াই মৰিয়াই এজনক নৃশংসভাৱে হত্যা। ঘৰৰ ভিতৰত পৰা উলিয়াই আনি চিপৰাঙেৰে মৰিয়াই মৰিয়াই হত্যা। হত্যাকাৰী আৰক্ষীৰ জালত।

দৰং জিলাৰ ছিপাঝাৰত সোমবাৰে নিশাৰ ভাগত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড৷ পাথৰিঘাট আৰক্ষী চকীৰ অন্তৰ্গত কটাহীত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড। এজন লোকক ঘৰৰ ভিতৰৰ পৰা উলিয়াই আনি হত্যা কৰা হয়। চিপৰাঙেৰে মৰিয়াই মৰিয়াই হত্যা কৰা হয় পৰেশ চহৰীয়া নামৰ এজন লোকক। একে গাঁৱৰে জিতুমণি নাথ ওৰফে মেধি নামৰ এজন যুৱকে সংঘটিত কৰে এই হত্যাকাণ্ড।

জানিব পৰা মতে হত্যাকাণ্ড সংঘটিত কৰা সময়ত জিতুমণি নাথ ওৰফে মেধি নামৰ যুৱকজন নিচাসক্ত অৱস্থাত আছিল। জিতুমণি নাথ নিশাৰ ভাগত পৰেশ চহৰীয়াৰ ঘৰৰ উপস্থিত হৈ পৰেশ চহৰীয়াৰ পিতৃ-মাতৃক অশালীন ব্যৱহাৰ কৰিছিল। ইয়াৰ পিছতে পৰেশ চহৰীয়াই নিচাসক্ত অৱস্থাত থকা জিতুমণি নাথক ঘৰৰ পৰা ওলাই দিছিল।

পৰেশ চহৰীয়াই ঘৰৰ পৰা উলিয়াই দিয়াৰ বাবে জিতুমণি নাথে ঘৰৰ ভিতৰৰ পৰা পৰেশ চহৰীয়াক উলিয়াই আনি চোতালত চিপৰাঙেৰে মৰিয়াই মৰিয়াই হত্যা কৰে।।হত্যাকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত ছিপাঝাৰ আৰু পাথৰিঘাট আৰক্ষী উপস্থিত হৈ পৰেশ চহৰীয়াৰ মৃতদেহ উদ্ধাৰ কৰি কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰে।

ইফালে হত্যাকাণ্ড সংঘটিত কৰিয়ে জিতুমণি নাথ পলায়ন কৰে শহুৰৰ ঘৰত আত্মগোপন কৰি আছিল যদিও আৰক্ষীয়ে অভিযান চলাই পুৱতি নিশা জিতুমনি নাথক আটক কৰিবলৈ সক্ষম হয়৷ নিহত পৰেশ চহৰীয়া দুটি সন্তানৰ পিতৃ। নিশাৰ ভাগত সংঘটিত হোৱা এই নৃশংস হত্যাকাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।