গৰৈমাৰী : শনিবাৰে বিয়লিৰ ভাগত পুনৰ লোকে লোকাৰণ্য হৈ পৰে কলহী নৈৰ (Kulshi River)  দুয়োপাৰ। পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ (Traditional Boat Racing Competition) চূড়ান্ত খেলখন অনুষ্ঠিত হয় শনিবাৰে। চূড়ান্ত খেলখন চাবলৈ কলহী নৈৰ পাৰত সমাগম ঘটে হাজাৰ হাজাৰ লোকৰ।

শনিবাৰে বিয়লি কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ চাম্পুপাৰাত কলহী নৈত অনুষ্ঠিত হয় নাও খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন। নাও খেল প্ৰতিযোগিতাৰ নান্দনিক দৃশ্য চাবলৈ হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে কলহী নৈৰ দুয়োপাৰত। চাম্পুপাৰা, তামুলদি, কলহীকাষ আঞ্চলিক নাও খেল কমিটিৰ উদ্যোগত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে শুকুৰবাৰৰ পৰা নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

চাম্পুপাৰাত কলহী নৈত অনুষ্ঠিত হোৱা নাও খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনৰ এ গ্ৰুপত প্ৰথম স্থান দখল কৰে আল আমিন আৰু দ্বিতীয় স্থান দখল কৰে ৰাজমাতা দলে। আনহাতে বি গ্ৰুপত প্ৰথম স্থান দখল কৰে দীন দয়াল আৰু দ্বিতীয় স্থান দখল কৰে চিক্স ষ্টাৰ দলে। পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১৮ খন নাও দলে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে সংখ্যালঘু অঞ্চলৰ লোকৰ বাবে অতিকৈ আনন্দদায়ক খেল হৈছে পৰম্পৰাগত নাও খেল। বাৰিষাৰ পিছতে ক্ৰীড়াপ্ৰেমী সংখ্যালঘু লোকসকলে অনুষ্ঠিত কৰে নাও খেল প্ৰতিযোগিতা। প্ৰতি বছৰৰ দৰে এইবাৰো দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ ঐতিহ্যমণ্ডিত কলহী নদীত অনুষ্ঠিত হয় পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাখন।

ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা এই নাও খেল প্ৰতিযোগীতাখনৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে ছয়গাঁও ছমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ। বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ স্বামী ভৱেশ দাস, সোণতলী জিলা পৰিষদৰ সদস্য ছাহজাহান আলী, জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিত ডেকা, সমাজকৰ্মী নছিম উদ্দিন আহমেদৰ লগতে অনুষ্ঠানটোত বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।