তিনিচুকীয়া : এক চাঞ্চল্যকৰ ঘটনা। ভগ্নীৰ সন্মুখতে দুৰ্বৃত্তৰ দলে মৰিয়াই মৰিয়াই ভাতৃক হত্যা কৰাৰ অভিযোগ। দুৰ্বৃত্তৰ দলটোৰ (Miscreants attack) আক্ৰমণৰ ভয়ত বাহনৰ ভিতৰত নিজকে আৱদ্ধ কৰি ৰাখিছিল প্ৰাঞ্জল মৰাণ। বাহনৰ পৰা ওলাই অহাৰ পিছত দুৰ্বৃত্তৰ দলটোৱে নির্মামভাৱে আক্ৰমণ কৰে প্ৰাঞ্জল মৰাণক।

তিনিচুকীয়া জিলাৰ মাকুমৰ ডিমৰুহোলাৰ প্ৰাঞ্জল মৰাণ নামৰ এজন যুৱকক যোৱা ২৫ এপ্ৰিলত আঠ জনীয়া দুৰ্বৃত্তৰ দল এটাই নিৰ্মমভাৱে আক্ৰমণ চলাই হত্যা কৰাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। এক বিত্তীয় লেন দেনৰ বাবে ভগ্নীৰ সন্মুখতে আঠ জনীয়া দুৰ্বৃত্তৰ দলটোৱে প্ৰাঞ্জল মৰাণক আক্ৰমণ কৰিছিল বুলি ভগ্নীয়ে জানিবলৈ দিয়ে। মাকুমৰ ৰূপনগৰত দিন দুপৰতে সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড।

বিত্তীয় লেন দেনৰ বাবে ৰূপনগৰত প্ৰাঞ্জল মৰাণক দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ কৰাত প্ৰাঞ্জল মৰাণে এখন বাহনৰ ভিতৰত নিজকে আৱদ্ধ কৰি ৰাখিছিল। উৎকত গৰমত দীৰ্ঘসময় ধৰি বাহনখনৰ ভিতৰত আৱদ্ধ হৈ থকা প্ৰাঞ্জল মৰাণ পিছত বাহনখনৰ পৰা ওলাই অহাত দুৰ্বৃত্তৰ দলটোৱে নিৰ্মমভাৱে প্ৰাঞ্জল মৰাণক আক্ৰমণ কৰে বুলি জানিবলৈ দিয়ে ভগ্নীয়ে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত থকা একাংশ লোকৰ হস্তক্ষেপত দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ বন্ধ কৰে যদিও চিকিৎসালয়লৈ নিয়াৰ পথত প্ৰাঞ্জল মৰাণৰ মৃত্যু হয়। প্ৰাঞ্জল মৰাণৰ পৰিয়ালৰ লোকৰ এজেহাৰ ভিত্তিত মাকুম থানাৰ আৰক্ষীয়ে ঘটনা লগত জড়িত থকাৰ সন্দেহত পাঁচ যুৱকক সোধপোছৰ বাবে আটক কৰি জেৰা অব্যাহত ৰাখিছে। আটকাধীন যুৱক কেইজন ক্ৰমে মাকুমৰ গান্ধী নগৰৰ নিতা তাঁতী, টেঙাপানী চাহ বাগিচাৰ চালিল চাওতাল, মাকুম গান্ধী নগৰৰ জিন্টু তাঁতী, মাকুম হেবেদা গাঁৱৰ নৰেন প্ৰজা, টেঙাপানী চাহ বাগিচাৰ কৈলাশ পানীকা।

প্ৰাঞ্জল মৰাণৰ হত্যাকাণ্ডৰ লগত নাম সাঙোৰ খাই থকা আন কেইবাজনো যুৱক পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। ইফালে প্ৰাঞ্জল মৰাণৰ হত্যাকাণ্ডৰ উচিত তদন্ত বিচাৰি বৃহস্পতিবাৰে (২৭ এপ্ৰিল) উত্তাল হৈ পৰে মাকুম। প্ৰাঞ্জল মৰাণৰ হত্যাকাণ্ড জাঙুৰ খাই উঠিছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনগোষ্ঠীৰ কেইবাটাও সংগঠন। সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনগোষ্ঠীৰ সংগঠন সমূহে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে ৰাজপথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষী প্ৰশাসনৰ লোক ঘটনাস্থলীত সময়তে উপস্থিত নোহোৱাৰ বাবেই প্ৰাঞ্জল মৰাণৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি আৰক্ষীক তীব্ৰ গৰিহণা দিয়ে। প্ৰতিবাদকাৰী সকলে ২৪ ঘণ্টাৰ ভিতৰত প্ৰাঞ্জল মৰাণৰ হত্যাকাণ্ডৰ লগত জড়িত সকলক উচিত শাস্তি প্ৰদানৰ দাবী জনায়। দোষীক শাস্তি প্ৰদান নকৰালৈকে প্ৰতিবাদ অব্যাহত।থাকিব আৰু পৰৱৰ্তী সময়ত অধিক ভয়াবহ আন্দোলন চলাই যাব বুলি জিলা প্ৰশাসনক মৰাণ ছাত্ৰ সন্থাই সকীয়াই দিয়ে।