দৰং, ২৭ এপ্ৰিল : খেদি খেদি আৰক্ষীয়ে আটক কৰিলে গাড়ী চোৰক (Police caught car lifter)। গাড়ী চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ আৰক্ষীৰ গুলী চালনা। যোৱা ২৫ এপ্ৰিল তাৰিখে চুৰি হোৱা গাড়ী উদ্ধাৰ। গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান। আৰক্ষীক দেখি চুৰিৰ গাড়ীখন লৈ পলায়ন কৰিছিল গাড়ী চোৰজন।

দৰং জিলাৰ নামখোলাত আৰক্ষীয়ে এজন গাড়ী চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ গুলী চালনা কৰিব লগীয়া হয়। যোৱা ২৫ এপ্ৰিলত দৰং জিলাৰ মঙলদৈ চহৰৰ পৰা এখন ব্ৰীজা গাড়ী চুৰি হৈছিল। গাড়ী চুৰ কৰি চোৰে গাড়ীখনৰ গৰাকীৰ বেৰত লিখি থৈছিল “তিনি দিন পিছত গাড়ী ঘূৰাই দিম। আৰক্ষীক খবৰ নিদিবি।”

ইয়াৰ পিছতে দৰং আৰক্ষীয়ে চুৰি হোৱা গাড়ীখন বিচাৰি অভিযান আৰম্ভ কৰিছিল। বৃহস্পতিবাৰে এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চুৰি হোৱা গাড়ীখনৰ সন্ধান লাভ কৰাত আৰক্ষীয়ে গাড়ীখন উদ্ধাৰ কৰিবলৈ অভিযান চলাইছিল। গাড়ীখন থকা ঠাইত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে গাড়ী চোৰজনে গাড়ীখনলৈ পলায়ন কৰে।

অভিযানকাৰী আৰক্ষীৰ দলটোৱে গাড়ী চোৰজনক খেদি যায় আৰু চোৰজনক আটক কৰিবলৈ আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে গাড়ী চোৰজনে এজন আৰক্ষীৰ লোককো মহতিয়াই নিয়ে। গাড়ী লৈ পলায়ন কৰা গাড়ী চোৰজনে কেইবাখনো দোকানো মহতিয়াই নিয়ে। পথৰ কাষত থকা কেইবাটাও গৰু- ছাগলীকো চোৰজনে মহতিয়াই নিয়াত মৃত্যু হয়।

গাড়ী চোৰজনে চুৰি কৰা ব্ৰীজা গাড়ীখনৰ নম্বৰ এ এছ-০১-এফ এল-৭৫৫২। গাড়ীখনৰ গৰাকী মঙলদৈৰ শাকতোলাৰ আব্দুল আজিজ। আৰক্ষীয়ে গাড়ীখন হাপামাৰাৰ পৰা খেদি খেদি নামখোলাত আটক কৰে। গাড়ী চোৰজনৰ নাম পিংকু বণিয়া বুলি জানিব পৰা গৈছে।