মানকাচৰ : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বাংলাদেশী গৰু সৰবৰাহকাৰীৰ আক্ৰমণত আহত কৰ্তব্যৰত বিএছএফ জোৱান। ভাৰতৰ ভূমিৰ থকা দলংৰ পৰা টানি নদীত ডুবাই হত্যাৰ চেষ্টা বিএছএফ জোৱানজনক। গৰু সৰবৰাহত বাধা দিছিল বিএছএফ জোৱানজন। মানকাচৰৰ সীমান্তৱৰ্তী একাংশ লোক ঘটনাস্থলীত উপস্থিত হৈ ৰক্ষা কৰে বিএছএফ জোৱানজনক।

মংগলবাৰে দুপৰীয়া প্ৰায় ১২ বজাত মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ কালো নদীৰ ওপৰত থকা দলং এখনত বাংলাদেশী গৰু সৰবৰাহকাৰীৰ দল এটাই বিএছএফৰ জোৱান এজনক আক্ৰমণ কৰে। বিএছএফ জোৱানজনক দলংৰ পৰা টানি কালো নদীত ডুবাই হত্যা চেষ্টা চলায় বাংলাদেশী গৰু সৰবৰাহকাৰীৰ দলটোৱে। এই ঘটনাৰ পিছতে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ পৰিস্থিত উত্তপ্ত হৈ পৰিছে।

উল্লেখ্য যে মানকাচৰৰ সাহাপাৰা বিএছএফ কেম্প এলেকাৰ কালো নদীৰ ওপৰত থকা দলংৰ ওপৰত বিএছএফৰ ৪৫ নং বেটেলিয়ানৰ জোৱান দ্বীনেশ চন্দ্ৰ যাদৱ টহল দি থকা অৱস্থাত ভাৰতৰ ফালৰ পৰা ৫ টা গৰু লৈ গৰু সৰবৰাহকাৰীৰ এটা দল সীমান্তত উপস্থিত হয়। একে সময়তে বাংলাদেশৰ ফালৰ পৰা ২০-২৫ জনীয়া দল এটা সীমান্তৰ কাষত উপস্থিত হয়। কালো নদীৰ দলংৰ তলেৰে গৰু কেইটা সৰবৰাহ কৰি থকা অৱস্থাত বিএছএফ জোৱানজনে বাধা প্ৰদান কৰে।

ইয়াৰ পিছতে বাংলাদেশী গৰু সৰবৰাহকাৰীৰ দলটো বিএছএফ জোৱানজনক দাৰে ঘপিয়াই তেওঁৰ হাতত থকা ৰাইফল কাঢ়ি নি আক্ৰমণ চলায়। বিএছএফ জোৱানজনক দলংৰ পৰা টানি নদীত পেলাই ডুবাই হত্যা কৰাৰো চেষ্টা চলায় বাংলাদেশী গৰু সৰবৰাহকাৰীৰ দলটোৱে। সেই সময়ত সীমান্তৱৰ্তী গাঁৱৰ একাংশ লোক কালো নদীৰ দলংৰ তলেৰে ঘটনাস্থলীত উপস্থিত হৈ জোৱানজনক উদ্ধাৰ কৰি মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়।

বৰ্তমানে জোৱানজন সংকটমুক্ত যদিও উন্নত চিকিৎসাৰ বাবে জোৱানজনক মেঘালয়ৰ তুৰালৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি লোৱা হৈছে। এই ঘটনাৰ পিছতে ৪৫ নং বেটেলিয়ানৰ বিএছএফৰ কমাণ্ডেণ্ট তুৰাৰ প্ৰহৰী নগৰৰ পৰা মানকাচৰলৈ ৰওনা হৈছে। বিয়লিৰ ভাগত ৪৫ নং বেটেলিয়ানৰ বিএছএফৰ কমাণ্ডেণ্টজন সীমান্তত উপস্থিত হৈ পৰিস্থিতৰ বুজ ল’ব বুলি জানিব পৰা গৈছে। বিএছএফৰ জোৱানজনক আক্ৰমণ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।