দক্ষিণ শালমাৰা : তৃতীয় পৰ্যায়ৰ গুনোৎসৱৰ প্ৰস্তুতিৰ মাজত দক্ষিণ শালমাৰাৰ চতলাৰপাৰ প্ৰাথমিক বিদ্যালয় পৰিছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত। গুনোৎসৱৰ পূৰ্বে বিদ্যালয়খন সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰ নদীত জাহ যোৱাৰ আশংকা। অনিশ্চিয়তাত বিদ্যালয়খনৰ গুনোৎসৱ।

ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মাটিফাটা আৰু চতলাৰপাৰ অঞ্চলত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ গৰাখহনীয়া। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে চতলাৰপাৰ এম ই স্কুল বিদ্যালয়খন। ইতিমধ্যে বিদ্যালয়খনৰ মুঠ ১১ টা গৃহৰ ভিতৰত ৫ টা গৃহ বিগত তিনি দিনৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰি নদীৰ বুকুত জাহ গৈছে।

ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ গৰাখহনীয়াৰ ফলত বিদ্যালয়খনৰ আন ৬ টা গৃহও নদীৰ বুকুত জাহ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত আৰম্ভ হোৱা গৰাখহনীয়াৰ বাবে বিদ্যালয়খনৰ গৃহ সমূহ ভাঙিব লগীয়া হৈছে। আগন্তক ১ জুনৰ পৰা তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া গুনোৎসৱ এইবাৰ বিদ্যালয়খনত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে।

প্ৰায় দুমাহ পূৰ্বে বিদ্যালয়খনত মুঠ চাৰি শতাধিক শিক্ষাৰ্থী অধ্যয়ন কৰি আছিল। কিন্তু বিগত দুটা মাহৰ ভিতৰত অঞ্চলটোৰ প্ৰায় তিনি শতাধিক পৰিয়ালে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ বাবে ঘৰ অন্য স্থানলৈ স্থানান্তৰ কৰাত বিদ্যালয়খনত শিক্ষাৰ্থীৰ সংখ্যা দুই শতাধিকলৈ হ্ৰাস পাইছে। ইফালে বিদ্যালয়খন গৰাখহনীয়াৰ কবলত পৰি ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গ’লে বিদ্যালয়খনত গুনোৎসৱ অনুষ্ঠিত কৰেটো অসম্ভৱ হৈ পৰিব।

ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ গৰাখহনীয়া দেখি বিদ্যালয়খনৰ শিক্ষক, ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকল চিন্তিত হৈ পৰিছে। গৰাখহনীয়া অব্যাহত থকাৰ বাবে বিদ্যালয়খনৰ শিক্ষক সকলৰ লগত শিক্ষাৰ্থী সকল নিজে বিদ্যালয়খনৰ ঘৰ ভঙা কামত নিয়োজিত হৈ পৰিছে।ইফালে বিগত দুই মাহৰ ভিতৰত অঞ্চলটোৰ বহু পৰিয়ালৰ ঘৰ-দুৱাৰ গৰাখহনীয়া কবলত পৰি নদীৰ বুকুত জাহ হৈছে। প্ৰায় তিনি শতাধিক পৰিয়াল নিৰাপদ স্থানলৈ স্থানান্তৰ হৈছে।

বৰ্তমানেও অঞ্চলটোত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া অব্যাহত আছে। অঞ্চলটোত এইদৰে গৰাখহনীয়া অব্যাহত থাকিলে কিছুদিনৰ ভিতৰত অঞ্চলটো নদীৰ বুকুত বিলীন হৈ ব্ৰহ্মপুত্ৰ নদী মেঘালয় ৰাজ্য পাবগৈ। বাউছকাটা গাঁও পঞ্চায়তৰ সভাপতি হাছানুৰ ৰহমানে গৰাখহনীয়াৰ কবলত পৰি ভূমিহীন হোৱা লোক সকলক চৰকাৰে এখনকৈ খহনীয়াৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব লাগে বুলি দাবী জনাইছে। যাতে ইয়াৰ জৰিয়তে খহনীয়াগ্ৰস্থ পৰিয়ালে চৰকাৰী সুবিধা লাভ কৰে।