জোনমণি বেগম

বিশ্বনাথ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিল ১৩ টাকৈ বনৰীয়া ম’হ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি বনৰীয়া ম’হটোৰ জাকে আশ্ৰয় লৈছে বিশ্বনাথ ঘাটত। বনৰীয়া ম’হৰ জাকটোকলৈ বিশ্বনাথ ঘাটত আতংকময় পৰিৱেশ।

ৰাজ্যত বছৰৰ প্ৰথমটো বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছে এটা বনৰীয়া ম’হৰ জাক। বৰ্তমানলৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাঢ়নী পানীয়ে প্লাৱিত কৰা নাই যদিও বনৰীয়া ম’হৰ জাকটো উদ্যানখনৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰিছে।

বুধবাৰে পুৱতি নিশা বনৰীয়া ম’হৰ জাকটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি বিশ্বনাথ ঘাটত প্ৰৱেশ কৰিছে। বৰ্তমান বনৰীয়া ম’হৰ জাকটো বিশ্বনাথ ঘাটৰ ডাকঘৰৰ সমীপত থকা এজন লোকৰ ঘৰৰ কাষত আশ্ৰয় লৈ আছে। বনৰীয়া ম’হৰ জাকটোত সৰু-বৰ ১৩ টাকৈ ম’হ আছে বুলি জানিব পৰা গৈছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এইদৰে বনৰীয়া ম’হৰ জাক ওলাই আহি জনাঞ্চলত আশ্ৰয় লৈ থকাত বিশ্বনাথ ঘাটত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে ঘটনাস্থলীত বন বিভাগ, নদী আৰক্ষী আৰু বিশ্বনাথ চাৰিআলি থানাৰ আৰক্ষীৰ দল উপস্থিত হৈছে।সম্প্ৰতি অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।

বনৰীয়া ম’হৰ জাকটো যাতে গাঁৱৰ মাজত প্ৰৱেশ কৰিব নোৱাৰে ইয়াৰ বাবে প্ৰশাসনে বিভিন্ন স্থানত বেৰিকেট দিয়াৰ লগতে মাইক যোগে ৰাইজক সজাগ থাকিবলৈ আহ্বান জনাই থকা পৰিলক্ষিত হৈছে। বন বিভাগৰ লোকে বনৰীয়া ম’হৰ জাকটোক পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি নিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।