ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, ২৬ নৱেম্বৰ: ডিগবৈ সমষ্টিৰ অন্তৰ্গত পাৱৈ গাঁও পঞ্চায়তত আজিৰ পৰা আৰম্ভ কৰিলে অটল অমৃত যোজনাৰ বিনামূলীয়া হেল্থ কাৰ্ড। আজি এখন সভা আয়োজন কৰি এই অটল অমৃত যোজনাৰ বিনামূলীয়া হেল্থ কাৰ্ডৰ শুভাৰম্ভ কৰে ১২৩নং ডিগবৈৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত সুৰেন ফুকনে৷ এই কাৰ্ডৰ জৰিয়তে প্ৰতিজন উপভোক্তাই প্ৰতিবছৰে ২ লাখ টকাকৈ চিকিৎসাৰ খৰছ লাভ কৰিব পাৰিব৷ প্ৰতিজন উপভোক্তাই কৰ্কট, স্নায়বিক, হৃদ, বিক্ক, জ্বলা আৰু নৱজাতকৰ জন্মসূত্ৰে লাভ কৰা ৰোগকে আদি কৰি মুঠ ছয়বিধ ৰোগত চিকিৎসাৰ ক্ষেত্ৰত এই কাৰ্ডৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দৰিদ্ৰ জনসাধাৰণৰ বাবে গ্ৰহণ কৰা এনে ধৰণৰ ঐতিহাসিক পদক্ষেপৰ বাবে সমগ্ৰ ৰাজ্যৰ লগতে ডিগবৈ সমষ্টিবাসীয়ে ধন্যবাদ জ্ঞাপন কৰে আৰু আজিৰ পৰা আৰম্ভ কৰা এই কাৰ্ড বিতৰণ পৰৱৰ্তী সময়তো সমষ্টিটোত অব্যাহত থাকিব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে।