ফেনীৰ পিছত এইবাৰ অসমত ‘বুলবুল’ৰ প্ৰভাৱ

In ৰাজ্য

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৯ নৱেম্বৰ : ফেনীৰ পিছত বংগোপসাগৰক এইবাৰ আন এক ঘূৰ্ণীবতাহে অশান্ত কৰি তুলিছে যাৰ প্ৰভাৱ কিছুপৰিমাণে হ’লেও অসমত পৰিছে।

বতৰ বিজ্ঞানীয়ে ‘বুলবুল’ নাম দিয়া এই ঘূৰ্ণীবতাহৰ ফলত উত্তৰ-পূৱত অৰ্থাৎ অসম, মেঘালয়, নগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত শনিবাৰৰ পৰা ১২ নৱেম্বৰলৈ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ দিয়াৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

প্ৰথম অৱস্থাত ‘বুলবুল’ প্ৰতি ঘন্টাত ৯ কিলোমিটাৰ হৈ বৰ্তমান গতি ঘণ্টাত ১৪০ কিলোমিটাৰ হৈছেগৈ।

উল্লেখযোগ্য যে উৰিষ্যাৰ পিছতে কিছু মাহ পূৰ্বে তীব্ৰবেগেৰে পশ্চিমবংগ,বাংলাদেশ হৈ উত্তৰ-পূৰ্বাঞ্চললৈ গতি লোৱা বিধ্বংসী ফণীৰ প্ৰভাৱ অসমতো পৰিছিল যদিও বুলবুলৰ প্ৰভাৱ অসমত বিশেষ ভাবে নপৰে বুলি সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

Comments

comments

You may also read!

জাজৰিত গাঁও সুৰক্ষা বাহিনীৰ সম্পাদকক আৰক্ষী কনিষ্টবলৰ দ্বাৰা মাৰপিটৰ অভিযোগ

নগাঁৱৰ পৰা কুন্দন ভঁৰালী, সংবাদ ৩৬৫, ৩ জুন : নগাঁও জিলাৰ জাজৰিত গাঁও সুৰক্ষা বাহিনীৰ সম্পাদকক দুজন আৰক্ষী কনিষ্টবলে

Read More...

জন্মদিনৰ অনুষ্ঠান এৰি চিকিৎসালয়ত ভৰ্তি হ’ল এগৰাকী চিকিৎসক

লখিমপুৰৰ পৰা ইনজামামূল হক চৌধুৰী, সংবাদ ৩৬৫, ৩ জুন : জন্মদিনৰ অনুষ্ঠান এৰি এম্বুলেঞ্চত আহি চিকিৎসালয়ত ভৰ্তি হ'ল এগৰাকী

Read More...

বিধায়িকাৰ চাহ বাগিচাত পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ

চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ৩ জুন : চৰাইদেউ জিলাৰ সাপেখাতীত পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ। সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা

Read More...

Mobile Sliding Menu