শিৱসাগৰত ৰেইকি চিকিৎসা পদ্ধতিৰ এক শিবিৰ

In ৰাজ্য
Umra Package

আমিনুৰ ৰহমান
শিৱসাগৰ : ৰেইকি চিকিৎসা পদ্ধতিৰ এক শিবিৰ। শিৱসাগৰত অনুষ্ঠিত কৰা হয় এই ৰেইকি চিকিৎসা পদ্ধতিৰ শিবিৰ। শনিবাৰে শিৱসাগৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ৰেইকি চিকিৎসা পদ্ধতিৰ এই শিবিৰ। শিৱসাগৰৰ বৰ পুখুৰী পাৰত অৱস্থিত বৌদ্ধ বিহাৰত আয়োজন কৰা এই ৰেইকি চিকিৎসা শিবিৰত অংশগ্ৰহণ কৰে ৰেইকি গুৰু জুৰি নাথ আৰু ৰুমি নাথে।

উক্ত ৰেইকি চিকিৎসা শিবিৰত ৩৫ গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে ৰেইকি এক সহজ সৰল বিজ্ঞানভিত্তিক চিকিৎসা পদ্ধতি। এই ৰেইকি চিকিৎসাৰ দ্বাৰা ঔষধ অবিহনে বিনা কষ্টৰে বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পাৰি। ৰেইকি এক স্পৰ্শ চিকিৎসা পদ্ধতি। ৰেইকিত দিক্ষা গ্ৰহণ কৰাৰ পিছত ৰেইকিৰ মাধ্যম গৰাকীয়ে নিজৰ হাত দুখন নিজৰ ওপৰত বা অন্য ব্যক্তি বা ৰোগীৰ ৰোগাগ্ৰস্থ অংগৰ ওপৰত ৰাখি ব্ৰহ্মাণ্ডৰ পৰা মহাজাগতিক শক্তি আহৰণ কৰি সেই শক্তি শৰীৰৰ বিশেষ অসুস্থ অংগলৈ বোৱাই নিব পাৰে।

এই ৰেইকি চিকিৎসা পদ্ধতি জাপানৰ এক প্ৰাচীন তথা পৌৰাণিক চিকিৎসা পদ্ধতি। ৰেইকি এক জাপানী শব্দ। ‘ৰে’ মানে সৰ্বভৌমিকতা যাৰ অৰ্থ আধ্যাত্মিক বুদ্ধিমত্তা আৰু ‘কি’ শব্দৰ অৰ্থ হ’ল জীৱন শক্তি বা জৈৱ শক্তি। জাপানৰ এই আধ্যাত্মিক স্পৰ্শ পদ্ধতি অৰ্থাৎ ৰেইকি কালক্ৰমত হেৰাই যোৱাত জাপানৰ ডাঃ মিকাও ইউসুই য়ে ৰেইকি চিকিৎসাৰ পুনঃআৱিস্কাৰ কৰিছিল। বৰ্তমান কেৱল জাপানতে নহয় সমগ্ৰ বিশ্বতে ৰেইকি পদ্ধতিৰে চিকিৎসাৰ প্ৰচলন চলি আহিছে।

You may also read!

Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট

গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো

Read More...

Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ

Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ

Read More...

National Milk Day : পূৰবী ডেইৰীৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন

গুৱাহাটী :  অসমৰ সৰ্ববৃহৎ ডেইৰী কোপাৰেটিভ পূৰবী ডেইৰীয়ে ২৬ নৱেম্বৰত “ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’’, “ভাৰতৰ দুগ্ধমানৱ হিচাপে খ্যাত” ড০

Read More...

Mobile Sliding Menu