গুৱাহাটী, সংবাদ ৩৬৫, ২৭ ডিচেম্বৰ : ৰাহুল গান্ধী অহাৰ প্ৰাকমুহূৰ্তত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদমেল। শনিবাৰে ১ বজাত গুৱাহাটীত উপস্থিত হ’ব ৰাহুল গান্ধী। সংবাদ মেলত এই কথা জানিবলৈ দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।

১ বজাত উপস্থিত হোৱাৰ পাছত ১.১০ মিনিটত তেখেতৰ নিজৰ ভাষণ প্ৰদান কৰিব । ইয়াৰ পাছতে গুৱাহাটীৰ দুজন শ্বহীদ হাটীগাঁওৰ চেম ষ্টেফৰ্ড আৰু ছয়গাঁওৰ দীপাঞ্জল দাসৰ বাসগৃহলৈ যাব ৰাহুল গান্ধী। তাৰপিছত বিয়লি ৫ বজাত পুনৰ দিল্লীলৈ উভতি যাব।

কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ২০ লাখ মানুহৰ চহী লৈ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ কথাও সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।

ৰাহুল গান্ধীৰ অসম আগমনৰ বাবে ৩ দিন ধৰি স্থগিত হৈ থকা পদযাত্ৰা পুনৰ গোলাঘাট জিলাৰ পৰা ২৯ ডিচেম্বৰত আৰম্ভ কৰা হ’ব।

নাগৰিকত্ব সংশোধনী বিলৰ সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে দলৰ ফালৰ পৰা পূৰ্বৰ স্থিতি বাহাল থাকিব বুলি জানিবলৈ দিয়ে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সংবাদমেলত কয় যে, ১৬ মে’ৰ পৰা বিজেপি চৰকাৰে বিদেশী খেদিব বুলি কৈছিল কিন্তু বিদেশী খেদাটো বাবেই আনিবৰ বাবেহে তেওঁলোকে লাগিছে।
অসমত এতিয়া যি জুই জ্বলিছে তাৰ বাবে দায়ী হিমন্ত বিশ্ব শৰ্মা, চন্দ্রমোহন পাটোৱাৰী।

বিজেপিৰ শান্তি সমদলৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে, বিজেপিৰ শান্তি সমদল সংগ্ৰামীসকলক প্ৰতিহত কৰিবৰ বাবে উলিয়াইছে। কোনো সংগ্ৰামী আন্দোলন দমন কৰিব নোৱাৰে সমদল উলিয়াই।

ইফালে সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰিও গগৈয়ে কয় যে, ৩ বছৰধৰি ক্ষমতা আছা। যদি আছেই তেনেহ’লে কিয় বিদেশীল ধৰি বাহিৰ কৰি দিব নোৱাৰিলা।

তেওঁলোকে যদি এই মানুহখিনিক লৈয়েই তেনেহলে ” কা”ৰকি দৰকাৰ, দিতেনচন কেম্পৰ কি দৰকাৰ?