নিউজ ডেস্ক, সংবাদ ৩৬৫, ৪ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়েকৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে ৰাজ্য । সকলো দল-সংগঠন, ছাত্ৰ সমাজ প্ৰতিবাদেৰে নামি পৰিছে ৰাজপথত ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বায়ু সেনাৰ পৰা স্বেচ্ছাই অব্যাহতি ল’লে হিমাংশু গগৈয়ে । কটনিয়ানক উৎসাহিত কৰিবৰ বাবে গুৱাহাটীৰ পৰা তিনিচুকীয়া আৰু তাৰ পৰা দিল্লীলৈ চাইকেল চলাই কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

সংবাদ মাধ্যমৰ হিমাংশুৱে কয় যে জাতিৰ হৈ যুঁজিবলৈ এগৰাকী সৈনিক হিচাপে ওলাই আহিছো। কেবৰ বাবেই চাকৰি এৰিছিলো যুজঁ দি যাম ।

প্ৰতিবাদী যাত্রাৰ তৃতীয় দিনা নগাওঁৰ বিভিন্ন দল-সংগঠনে হিমাংশু গগৈক আদৰণি জনায় ।