গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ৪ ডিচেম্বৰ : বুধবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰীয় কেবিনেটত অনুমোদন জনালে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত সংসদভৱনত অনুষ্ঠিত হোৱা কেবিনেটৰ বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন জনোৱা হয়।

ইয়াৰ পিছতে সংসদত উত্থাপন কৰা হব বিধেয়কখন।
অহা ৯ আৰু ১০ ডিচেম্বৰত বিধেয়কখন ক্ৰমে লোকসভা আৰু ৰাজ্যসভাত গৃহীত হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ কৰিব পাৰি যে এই বিধেয়কখনৰ সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক সংগঠনৰ সৈতে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে আলোচনাত মিলিত হৈছিল । ৩ ডিচেম্বৰত আছুৰ সৈতেও নিশা প্ৰায় ২ মান বজালৈকে বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকত কেবক তীব্ৰ বিৰোধিতা কৰিছিল আছুৱে আৰু আন্দোলনৰো হুংকাৰ দিছিল ।

ইয়াৰ পাছতে বুধবাৰে অৰ্থাৎ আজি পুৱাৰ ভাগত কেবিনেটত অনুমোদন জনালে কেবক । অৰ্থাৎ অসমবাসীয়ে আচলতে কি বিচাৰে তাক গ্ৰাহ্য নকৰে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে । সঁচাকৈয়ে এই বৈঠক আচলতে জনগণৰ আগত দেখুৱাবলৈ কৰা এক ভেকো ভাওনা আছিল।

যিজন নেতাই আই এম দি টিৰ দৰে আইন বাতিল কৰিছিল আজি সেইজন নেতাই ৰাজসিংহানত বহি পাহৰি গ’ল অসমীয়া জাতিৰ কথা । এইক্ষেত্ৰত কিন্তু সাৰ-পানী যোগাই আছিল হিমন্ত বিশ্ব শৰ্মাই ।

কেন্দ্ৰীয় চৰকাৰে অসমক মাহী আইৰ দৃষ্টিৰে চোৱাৰ দৃষ্টিভংগী আচলতে সৰ্বানন্দ সোণোৱালে কেন্দ্ৰতো বিজেপি চৰকাৰ থকাৰ পূৰ্ণ সুবিধা কৰি সলনি কৰিব পাৰিলেহেঁতেন। তেওঁ অসমীয়া জাতিৰ লগত থাকি বৰাক আৰু ব্ৰহ্মপুত্ৰক একলগ কৰি ৰাখিব পাৰিলেহেঁতেন । কিন্তু তেওঁ এই সুযোগ গ্ৰহণ নকৰিলে ।

প্রশ্ন হয় যিজন মন্ত্ৰীয়ে অসমৰ সন্তান হৈ সংসদত ” জয় বাংলাদেশ ” ধ্বনি দিলে আৰু এজন এসময়ৰ জাতীয় নায়ক হৈ এই বাক্য নিশ্চুপে শুনি থাকিলে । কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে , কোনোধৰণৰ মন্তব্য দিয়াৰ প্ৰয়োজনবোধ নকৰিলে সঁচাকৈয়ে এনে নেতাই ৰক্ষা কৰিব পাৰিব জানো অসমীয়া জাতিক ? এনে নেতাৰ হাতত অসমীয়া জাতি সুৰক্ষিত বুলি আমি নিজকে পতিয়ন নিয়াব পাৰিম নে ?