নিউজ ডেস্ক, সংবাদ ৩৬৫, ২২ অক্টোবৰ : সোমবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্তমৰ্মে বাছৰ ভাড়া বৃদ্ধি কৰা হৈছে ২৫ শতাংশ।

বৈঠকত নতুন ভূমি নীতি গ্ৰহণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্ত মৰ্মে ভূমিহীন খিলঞ্জীয়াক তিনি বিঘাকৈ কৃষিভূমি দিয়া হ’ব । এই ভূমি ১৫ বছৰলৈ বিক্ৰী কৰিব নোৱাৰে ।

ইয়াৰোপৰি প্ৰতিমাহে ৩০০ টকাকৈ বিধবা পেন্সন আঁচনিও মুকলি কৰাৰ কথা বৈঠকত আলোচনা কৰা হয়। গ্ৰামোন্নয়ন বিভাগত ১,২৭৭টা নতুন পদ মুকলি, গড়কাপ্টানি বিভাগত প্ৰতি সমষ্টিতে থাকিব এজনকৈ উপ-সংমণ্ডল বিষয়া ।

ক্ষুদ্ৰ পৰিয়ালৰ নীতি অনুসৰি চাকৰি আবেদনৰ ক্ষেত্ৰতো আবেদনকাৰীৰ দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব।

অটল অমৃত অভিযানত হাস্পতালৰ আই চি ইউত থকা ৰোগীকো সামৰি লোৱা হৈছে।