গুৱাহাটী, সংবাদ ৩৬৫, ২২ অক্টোবৰ : বিদেশীৰ অপবাদ লৈয়ে চিতাত জুই জ্বলিব দুলাল চন্দ্ৰ পালৰ। মৃতদেহৰ সৈতে হেতালি খেলি অৱশেষত ৯ দিনৰ অন্তত স্বগৃহলৈ নিলে পালৰ মৃতদেহ।

উল্লেখযোগ্য যে ২০১৭ চনৰ ১১ অক্টোবৰ তাৰিখে এফ টি ( এ ) গোচৰ নং ২২৩/২০১৭ ৰ অধীনত ঢেকীয়াজুলি আলিচিঙাৰ দুলাল চন্দ্ৰ পালক বিদেশী নাগৰিক বুলি ঘোষণা কৰি তেজপুৰ ডিটেনশ্যন কেম্পত ভৰ্তি কৰোৱা হৈছিল।

দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল দুলাল চন্দ্ৰ পাল। ২৮ ছেপ্টেম্বৰত জি এম চি এইছত তেখেতক ভৰ্তি কৰোৱাৰ পাছত চিকিৎসাধীন অৱস্থাতে ১৩ অক্টোবৰত তেখেতৰ মৃত্যু হয়।

মৃত্যুৰ খবৰ পৰিয়ালক দিয়াৰ পাছত মৃতদেহটো চমজি লবলৈ অস্বীকাৰ কৰিছিল মৃত দুলাল চন্দ্ৰ পালৰ পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকৰ মন্তব্য আছিল যে হয় তেখেতক ভাৰতীয় বুলি ঘোষণা কৰক নহয় তেখেতৰ মৃতদেহ বাংলাদেশলৈ পঠিয়াই দিয়ক।

ইয়াৰ পাছত ১৯ অক্টোবৰত সদৌ অসম বঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্বনে মুখ্যমন্ত্ৰীৰ সৈতে এক উচ্চ স্তৰীয় বৈঠকত মিলিত হয় আৰু মৃতদেহটোক পৰিয়ালৰ লোকক গতাই দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ।

বৈঠকত মুখ্যমন্ত্ৰীয়ে মৃত দুলাল চন্দ্ৰ পালৰ পৰিয়ালক ন্যায়িক মৰ্যাদা প্ৰদান কৰিম বুলি আশ্বাস প্ৰদান কৰে।

সংগঠনটোৱে বৈঠকত ১০৩৬ জন লোক এতিয়াও দিতেনশ্যন কেম্পত আছে বুলি কয় আৰু এই সকল ভাৰতীয় লোকৰ বাবে স্পেচিয়েল ৰিভিউ কমিটি গঠনৰ দাবী জনায় । মুখ্যমন্ত্ৰীয়ে এই দাবীসমূহ মানি লৈ অহা ৩ মাহৰ ভিতৰত দাবীসমূহ পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰে।

ইয়াৰ পাছতে ঢেকীয়াজুলি ৰাজহ চক্ৰ বিষয়া হৈব্যকাছি কাশ্যপৰ নেতৃত্বত ঢেকীয়াজুলি আৰক্ষীৰ এটা দলে মৃতদেহটো স্থানীয় গাঁওবুঢ়া আৰু গাঁওৰক্ষী বাহিনীৰ সাধাৰণ সম্পাদকে চমজি লয় ।