গুৱাহাটী : গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড। পত্নীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। পত্নীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ঘৰৰ মালিকক হত্যা কৰিলে এজন লোকে।

শুকুৰবাৰে গুৱাহাটী মহানগৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। মহানগৰীৰ জাপৰিগোগৰ কৃষ্ণ নগৰৰ বিক্ৰমপুৰত এজন লোকে ঘৰৰ মালিকক দাৰে ঘপিয়াই হত্যা কৰে। হত্যাকাণ্ডৰ পিছতে হত্যাকাৰীজনে দিছপুৰ থানাত আত্মসমৰ্পণ কৰে।

বিক্ৰমপুৰৰ হেমধৰ বৰুৱা নামৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল ধৰণী ডেকা নামৰ এজন লোকৰ পৰিয়াল। হেমধৰ বৰুৱাই ভাড়াতীয়া ধৰণী ডেকাৰ পত্নীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ধৰণী ডেকাই দাৰে ঘপিয়াই হেমধৰ বৰুৱাক হত্যা কৰে।

হত্যাকাণ্ড সংঘটিত কৰিয়ে ধৰণী ডেকাই দিছপুৰ থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে। ধৰণী ডেকাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। ঘৰৰ চাদৰ পৰা আৰক্ষীয়ে হেমধৰ বৰুৱাৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।