গুৱাহাটী, ১৮ আগষ্ট, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ ঘৰত চলিল অভিযান। দুৰ্নীতি নিবাৰক শাখাই চলালে দুৰ্নীতিগ্ৰস্ত কাৰ্যবাহী অভিযন্ত্ৰাৰ ঘৰত অভিযান। অভিযানকালত দুৰ্নীতিগ্ৰস্ত কাৰ্যবাহী অভিযন্ত্ৰাৰ ঘৰৰ পৰা উদ্ধাৰ হ’ল ৪৫ লাখ ৫৪ হাজাৰ ৩৮৫ টকা (Cash Recover From Corrupt Officer House)। অভিযন্ত্ৰাজনৰ আছে কেইবাঠাইত মাটি আৰু ফ্লেট। কেইবাটাও বেংকত বৃহৎ পৰিমাণত ধন সঞ্চয় কৰি ৰখাৰ নথি পত্ৰও উদ্ধাৰ কৰে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে।

এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ ঘৰত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে জব্দ কৰে বৃহৎ পৰিমাণৰ নগদ ধন। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে অভিযানকালত দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীজনৰ ঘৰৰ পৰা কেইবাঠাইত মাটি, ফ্লেট আৰু কেইবাটাও বেংকত বৃহৎ পৰিমাণৰ ধন জমা কৰি ৰখাৰ নথি পত্ৰও উদ্ধাৰ কৰি জব্দ কৰে। এই দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীজন হৈছে ডিমা হাচাও জিলাৰ হাফলংৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্ত্ৰা মনোজ কুমাৰ শইকীয়া।

বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত জালত পৰিছিল লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্ত্ৰা মনোজ কুমাৰ শইকীয়া। এজন লোকৰ পৰা ১০ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে আটক কৰিছিল লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্ত্ৰা মনোজ কুমাৰ শইকীয়াক। দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লৈ থকা অৱস্থাত কাৰ্যবাহী অভিযন্ত্ৰা মনোজ কুমাৰ শইকীয়াক গ্ৰেপ্তাৰ কৰি উক্ত উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৬৩/২০২৩ নং গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল।

শুকুৰবাৰে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে লোক নিৰ্মাণ বিভাগৰ দুৰ্নীতিগ্ৰস্ত কাৰ্যবাহী অভিযন্ত্ৰা মনোজ কুমাৰ শইকীয়াৰ হাফলং আৰু নগাঁওস্থিত ঘৰত তালাচী চলায়। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে কাৰ্যবাহী অভিযন্ত্ৰা মনোজ কুমাৰ শইকীয়াৰ নগাঁওস্থিত ঘৰৰ পৰা নগদ ৪৪ লাখ ৫১ হাজাৰ ৮৩৫ টকা আৰু হাফলংস্থিত ঘৰৰ পৰা ১ লাখ ২ হাজাৰ ৫৫০ টকা লগতে মাটি, ফ্লেট আৰু বিভিন্ন বেংকত সঞ্চয় কৰি ৰখা ধনৰ নথি পত্ৰ উদ্ধাৰ কৰি জব্দ কৰে। লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্ত্ৰা মনোজ কুমাৰ শইকীয়াই এজন লোকৰ পৰা ৫৫ হাজাৰ টকা উৎকোচ দাবী কৰিছিল। পৰৱৰ্তী সময়ত এই উৎকোচৰ পৰিমাণ ২৫ হাজাৰলৈ হ্ৰাস কৰা হৈছিল।

উল্লেখ্য যে বৃহস্পতিবাৰে হাফলং লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্ত্ৰা মনোজ কুমাৰ শইকীয়াৰ লগতে এজন লাট মণ্ডল আৰু এজন দালাল পৰিছিল দুৰ্নীতি নিবাৰক শাখাৰ জালত। নলবাৰী জিলাৰ টিহু ৰাজহ কৰা বিষয়া কাৰ্যালয়ত কৰ্মৰত লাট মণ্ডল দেবাশীষ বৰ্মন ৫ হাজাৰ টকা উৎকোচ লৈ ধৰা পৰিছিল। লাট মণ্ডল দেবাশীষ বৰ্মনৰ লগতে জালত পৰিছিল নয়ন বৰ্মন নামৰ এজন দালাল। নয়ন বৰ্মনৰ সহযোগত লাট মণ্ডল দেবাশীষ বৰ্মনে উৎকোচৰ ধন সংগ্ৰহ কৰিছিল।