ওদালগুৰি, ১৮ আগষ্ট, ২০২৩ : ওদালগুৰিত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন (One Killed In Wild Elephant Attack)। পুত্ৰৰ প্ৰাণ ৰক্ষা কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল লোকজন। কথমপি প্ৰাণ ৰক্ষা লোকজনৰ পৰিয়ালৰ অন্যান্য সদস্যৰ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহিছিল এটা বনৰীয়া হাতীৰ জাক। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বন বিভাগক তীব্ৰ সমালোচনা স্থানীয় ৰাইজৰ।

ৰাজ্যত দিনক দিনে ভয়াবহ ৰূপ ধাৰণ কৰিছে বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত। ৰাজ্যৰ কেইবাখনো জিলাত প্ৰায়ে দেখিবলৈ পোৱা যায় বনৰীয়া হাতীৰ আৰু মানুহৰ সংঘাত। বনৰীয়া হাতী আৰু মানুহৰ সংঘতে ভয়াবহ ৰূপ ধাৰণ কৰা অঞ্চল সমূহৰ ভিতৰত অন্যত হৈছে ওদালগুৰি। বনৰীয়া হাতীৰ আতংকৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে ওদালগুৰিৰ জনসাধাৰণ। বিশেষকৈ ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তবৰ্তী অঞ্চল সমূহত বনৰীয়া হাতী আৰু মানুহৰ সংঘাতে চূড়ান্ত পৰ্যায় পাইছে।

ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত সঘনাই দেখিবলৈ পোৱা যায় বনৰীয়া হাতীৰ জাকৰ মুক্ত বিচৰণ। খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰি নিতৌ বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই মানুহৰ নিদ্ৰা হৰণ কৰি আহিছে। অঞ্চলটোত ইতিমধ্যে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত প্ৰাণ হেৰুৱাইছে বহু লোকে। শুকুৰবাৰে পুৱাৰ ভাগত পুনৰ এজন লোক নিহত হয় বনৰীয়া হাতীৰ আক্ৰমণত।

ওদালগুৰিৰ ডিমাকুছিত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে এজন বৃদ্ধ। বনৰীয়া হাতীৰ আক্ৰমণত ৫৫ বছৰীয়া লোকজন নিহত হয় যদিও কথমপি প্ৰাণ ৰক্ষা পৰে লোকজনৰ পৰিয়ালৰ অন্যান্য সদস্যৰ। ডিমাকুছিৰ ভেৰগাঁৱৰ ২ নং উত্তৰ ডিমাকুছি গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে নিহত হয় গিৰিধাৰী ৰাজবংশী নামৰ এজন ৫৫ বছৰীয়া লোক। জানিব পৰা মতে অঞ্চলটোত নিশাৰ ভাগতে প্ৰৱেশ কৰিছিল বনৰীয়া হাতীৰ এটা জাক।

পুৱাৰ ভাগত জাকৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে ভেৰগাঁৱৰ ২ নং উত্তৰ ডিমাকুছিত গিৰিধাৰী ৰাজবংশী নামৰ লোকজনৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে। বনৰীয়া হাতীটোৱে তাণ্ডৱ চলাই থকা সময়তে গিৰিধাৰী ৰাজবংশীৰ পুত্ৰ ঘৰৰ বাহিৰত আছিল। পুত্ৰৰ প্ৰাণ ৰক্ষা কৰিবলৈ ঘৰৰ পৰা ওলাই অহা গিৰিধাৰী ৰাজবংশীক বনৰীয়া হাতীটোৱে আক্ৰমণ কৰাত থিতাতে নিহত হয় লোকজন। আনহাতে কথমপি প্ৰাণ ৰক্ষা পৰে গিৰিধাৰী ৰাজবংশীৰ পৰিয়ালৰ অন্যান্য সদস্যৰ।

উল্লেখ্য যে অঞ্চটোত দীর্ঘদিন ধৰি বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে যদিও বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা অঞ্চলটোৰ ৰাইজক ৰক্ষা কৰিবলৈ বন বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। ৰাইজে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বন বিভাগৰ ওপৰত ক্ষোভ উজাৰি তীব্ৰ সমালোচনা কৰে। উল্লেখ্য যে বিগত দুমাহতে বৃহত্তৰ ডিমাকুছিৰ বিভিন্ন প্ৰান্তত ১০ জনতকৈও অধিক লোক হাতীৰ আক্ৰমণত নিহত হোৱাৰ বিপৰীতে বিভিন্ন কাৰণত ৭ টাকৈ বনৰীয়া হাতীৰো মৃত্যু হৈছে।