আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : শিৱসাগৰত নিশা বিধ্বংসী অগ্নিকাণ্ড। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হ’ব নোৱাৰিলে ঘটনাস্থলীত। এখন দলংৰ বাবেই সম্পূৰ্ণৰূপে ভস্মীভূত হ’ল তিনিখনকৈ দোকান। কেইবা লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়। 

শনিবাৰে নিশাৰ ভাগত শিৱসাগৰৰ বকতা অঞ্চলত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত নঙলামৰা শিৱ মন্দিৰৰ সন্মুখত থকা তিনিখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। নিশা প্ৰায় ১২ মান বজাত সংঘটিত হয় এই অগ্নিকাণ্ড ঘটনা।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে তৎপৰতাৰে অগ্নি নিৰ্বাপক বাহিনীক খৱৰ দিয়ে যদিও অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হব নোৱাৰিলে ঘটনাস্থলীত।বকতা-নঙলামৰাৰ দলংখনৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হ’ব নোৱাৰিলে।

দলংখনেৰে চাৰিচকীয়া আৰু গধুৰ যান-বাহন চলাচল বন্ধ হৈ থকাৰ ফলত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী দলংখনৰ এমূৰে ৰৈ থাকিব লগীয়া হয়। ফলত বিধ্বংসী অগ্নিকাণ্ডত তিনিখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাত কেইবা লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।