আব্দুল হক

নগৰবেৰা : চেঙাৰ চৰাঞ্চলত সৌভাগ্য আঁচনিৰ ছোলাৰৰ বিতৰণৰ নামত ব্যাপক দুৰ্নীতি আৰু কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ। প্ৰতিটো ছোলাৰৰ নামত গাওঁবুঢ়া জালালুদ্দিন আৰু দালালে ২ ৰ পৰা ৭ হাজাৰ টকালৈকে লোৱাৰ অভিযোগ। টকা নিদিলে বঞ্চিত হ’ব লগা হৈছে চৰকাৰী সৌভাগ্য আঁচনিৰ ছোলাৰ লাইটৰ পৰা।

বৰপেটা জিলাৰ চেঙাৰ চৰাঞ্চলত সৌভাগ্য আঁচনিৰ ছোলাৰ বিতৰণৰ নামত দুৰ্নীতি আৰু কেলেংকাৰী সংঘটিত হোৱাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। প্ৰতিটো ছোলাৰৰ নামত গাওঁবুঢ়া জালালুদ্দিন আৰু দালালে ২ ৰ পৰা ৭ হাজাৰ টকা লৈ লুণ্ঠনৰাজ চলাই থকাৰ অভিযোগ উত্থাপন হৈছে।

চেঙাৰ গোমাফুলবাৰী উন্নয়ন খণ্ডৰ লেহী চৰৰ গাঁওবুঢ়া জালালুদ্দিনৰ বিৰুদ্ধে ভোক্তভোগী হিতাধিকাৰীয়ে আনিছে এই গুৰুত্বৰ অভিযোগ। গাওঁবুঢ়াজনে চৰকাৰী আঁচনিৰ ছোলাৰ লাইট বিতৰণৰ নামত সংঘটিত কৰিছে দুৰ্নীতি আৰু লুন্ঠনৰাজ। দুখীয়া, গৰাখহনীয়া প্ৰভাৱিত নিৰীহ ব্যক্তিৰ পৰা ছোলাৰৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ আনিছে হিতাধিকাৰীয়ে।

গাওঁবুঢ়া জনক টকা নিদিলে হিতাধিকাৰীয়ে ছোলাৰ লাইট লাভ নকৰে বুলিও জানিবলৈ দিয়ে একাংশ ভুক্তভোগী হিতাধিকাৰীয়ে। চৰকাৰী সৌভাগ্য আঁচনিৰ ছোলাৰৰ নামত হিতাধিকাৰী সকলক গাঁওবুঢ়াজনে হাৰাশাস্তি কৰি আছে বুলিও ক্ষোভ প্ৰকাশ কৰে একাংশই। পূৰ্বেও গাঁওবুঢ়াজন বহু কেলেংকাৰী লগত জড়িত থকা বুলি মন্তব্য কৰে ভুক্তভোগী ৰাইজে।