নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৮ ডিচেম্বৰ : ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতীয় ষ্টেট বেংকে সালসলনি কৰিছে এটিএমৰ পৰা ধন উলিওৱাৰ কিছু নিয়মৰ ক্ষেত্ৰত ।

উন্নত সুবিধা আৰু ফ্ৰড এটিএম ট্ৰানজেক্সনৰ পৰা ৰক্ষা কৰিবলৈয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে বেংকে। এতিয়াৰে পৰা অটিপিৰ যোগেদি ধন উলিওৱা পদ্ধতি আৰম্ভ কৰিব।

এই পদ্ধতি অনুসৰি নিশা ৮ বজাৰ পৰা পুৱা ৮ বজাৰ ভিতৰত এটিএমৰ ধন উলিয়ালে বেংকত পঞ্জীয়ন হৈ থকা ম’বাইল নম্বৰত অহা অটিপি দিব লাগিব। এই নিয়ম ১০ হাজাৰ টকাতকৈ অধিক ধন উলিয়ালেহে কাৰ্যকৰী হ’ব।

এই পদ্ধতি এবাৰ লেনদেনৰ বাবে। এই পদ্ধতি আন বেংকৰ এটিএমত প্ৰযোজ্য নহয়।