নিউজ ডেস্ক, সংবাদ ৩৬৫, ২০ ডিচেম্বৰ : সম্পূৰ্ণ ৯ দিনৰ পাছত ৰাজ্যত উপলব্ধ হ’ল ইণ্টাৰনেট সেৱা। শুকুৰবাৰে পুৱা ৯ বজাৰ পাছতে উপলদ্ধ হয় ইণ্টাৰনেট সেৱা।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে কৰা প্ৰতিবাদৰ ফলত ৰাজ্যত হোৱা ভয়াবহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ইণ্টাৰনেটত সেৱা বন্ধ কৰি ৰাখিছিল যদিও যোৱা মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰিবলৈ দিছিল নিৰ্দেশ।

এইখিনিতে উল্লেখ কৰিব পাৰি যে ন্যায়ালয়ত কেইবাখনো ৰাজহুৱা স্বাৰ্থজনিত আবেদন ইন্টাৰনেট সেৱা বন্ধ কৰাৰ বিৰুদ্ধে দাখিল কৰা হৈছিল ।

মঙলবাৰৰ পাছত পুনৰ বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে বিয়লি ৫ বজাৰ ভিতৰত ম’বাইল ইণ্টাৰনেট মুকলি কৰি দিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল । ইয়াৰ পাছতে শুকুৰবাৰৰ পুৱা ৯ বজাৰে পৰা উপলব্ধ হয় ইণ্টাৰনেট সেৱা।

ইফালে বিগত দিনবোৰত ইণ্টাৰনেট সেৱা বন্ধ হৈ থকাৰ ফলত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে অনলাইন ব্যৱসায়ীসকল। যথেষ্ঠ সংখ্যক লোকচানৰ সন্মুখীন হবলগীয়া হৈছে অনলাইন ব্যৱসায়ীসকল।