চিৰাং, সংবাদ ৩৬৫, ১৬ অক্টোবৰ : পোহৰলৈ আহিছে চিৰাং জিলাৰ ৩১ নং চি ৰাষ্ট্ৰীয় ঘাই পথত ভুৱা পৰিবহন বিষয়াই ধন সংগ্ৰহৰ তথ্য । বুধবাৰে ৰাতিপুৱা প্ৰায় ৬.৩০ বজাত চিৰাং জিলা পৰিবহন বিষয়াৰ নিয়মিত অভিযানত বহি:ৰাজ্যৰ এখন ট্ৰাকত প্ৰয়োজনীয় নথি-পত্ৰ নথকাত গাড়ীখন জব্দ কৰি আনি থাকোতে উক্ত গাড়ীখন ৰখাই নিজকে পৰিবহন বিষয়া বুলি পৰিচয় দি ৩০০ টকা বিচাৰে ।

উল্লেখ্য যে গাড়ীখনত পৰিবহন বিষয়াৰ কাৰ্য্যালয়ৰ চালক জন নিজেও আছিল। তাৰ পিচতে গাড়ীত থকা পৰিবহন বিষয়াৰ চালক জনে জনোৱাত চিৰাঙৰ পৰিবহন বিষয়াৰ দলটোৱে আহি ৮/৯ জনীয়া লোকৰ দলটোক ঘেৰি লয় যদিও আটাইকেইজন পলায়ন কৰে আৰু মনোজ শৰ্মা নামৰ লোকজনৰ লগতে এএচ ১৬ ডি ৮৮৮৭ নম্বৰৰ বলেৰো গাড়ী আৰু চালকক এৰি যায় ।

ইয়াৰ পিচতে তেওঁলোকৰ হাতত দেখিবলৈ পোৱা যায় চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিং স্বাক্ষৰিত এক প্ৰমান পত্ৰ পোৱা যায় যত স্পষ্ট ভাৱে উল্লেখ আছে যে ৰাষ্ট্ৰীয় ঘাই পথৰ দুৰ্ঘটনা ৰোধৰ বাবে আৰু পথ সুৰক্ষাৰ সজাগতাৰ বাবে ৰেডিয়াম ষ্টিকাৰ লগাবলৈ অনুমতি দিয়ে দিল্লীৰ মনোজ শৰ্মা নামৰ যুৱক জনক । কিন্ত তেওঁলোকে নিজকে পৰিবহন বিষয়া বুলি পৰিচয় দি টকা সংগ্ৰহ কৰি আছিল ।

এই বিষয়ে চিৰাঙৰ এনফোৰ্চমেন্ট বিষয়া সমেশ্বৰ মুচাহাৰীয়ে কয় যে এই বিষয়ে বিতং চালিজাৰি চোৱাৰ পিচত ভুৱা পৰিবহন বিষয়া জনৰ বিৰুদ্ধে এজাহাৰ দিয়া হব । যিহেতু নিজকে পৰিবহন বিষয়া বুলি পৰিচয় দিছে তেওঁলোকে ।

উল্লেখযোগ্য যে যোৱা কিছুদিন পুৰ্ব্বেও এই দলটোৱে নিজকে পৰিবহন বিষয়া বুলি পৰিচয় দি ধন সংগ্ৰহ কৰিছিল জিলাখনৰ চম্পা বজাৰ অঞ্চলত তাৰ পিচতে সংবাদ মাধ্যমৰ লোকক দেখি দলটোৱে পলায়ন কৰিছিল । যদি তেওঁলোক বৈধ তেনেহলে কিয় সংবাদ মাধ্যমৰ লোকক দেখি পলায়ন কৰিছিল বুলিও প্ৰশ্ন উত্থাপন হৈছে ।

উত্তৰ-পূৰ্ব্বাঞ্চলৰ লাখ লাখ নিৱনুৱা থকাৰ পিচতো কিদৰে দিল্লীৰ এইজন মনোজ শৰ্মাই আৰক্ষীৰ পৰা অনুমতি লাভ কৰি ৰাষ্ট্ৰীয় ঘাই পথত নিজকে পৰিবহন বিষয়া বুলি পৰিচয় দি অন্যায় ভাৱে ধন ঘটাৰ অনুমতি পালে সেয়াও বিভিন্ন মহলত চৰ্চা লাভ কৰিছে ।

আনহাতে প্ৰশ্ন হয় আচলতে মনোজ শৰ্মা হয় কোন ? কিয় চিৰাং জিলা আৰক্ষী অধীক্ষকে এইজনক অনুমতি দিলে এয়াও ৰহস্যজনক।

ইফালে অভিযুক্ত মনোজ শৰ্মাক জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়লৈ আনে যদিও কিছু সময় থকাৰ পিছতে পলায়ন কৰে । পলায়নৰ পূৰ্ব্বে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কয় যে তেওঁ দিল্লীৰ এটা বেচৰকাৰী সংস্থাৰ হৈ কাম কৰি আছে । কিন্ত আৰক্ষী অধিক্ষকে দিয়া অনুমতি পত্ৰত মাথো মনোজ শৰ্মা নামৰ লোকৰ নামহে উল্লেখ আছে ।

মনোজ শৰ্মাই সংবাদ মাধ্যমৰ আগত কোৱা অনুসৰি শ্ৰীৰামপুৰৰ এজন দালাল তেওঁলোকৰ সৈতে থাকে লগতে আৰু কেইজন মিলি মুঠ ৮/৯ জনীয়া দলে এই কাম কৰে । যদিহে তেওঁলোক বৈধ কিয় পৰিবহন বিষয়াৰ কাৰ্য্যালয়ৰ পৰা পলায়ন কৰিব লগীয়া হল বুলি সাধাৰনতেই প্ৰশ্ন উত্থাপন হয় ।

মুঠৰ ওপৰত চিৰাং জিলাত বহু দিনৰ পৰাই ভূৱা পৰিবহন বিষয়াই ৰাষ্ট্ৰীয় ঘাই পথত ধন সংগ্ৰহ কৰাৰ তথ্য আছিল যদিও কোন সেই বিষয়ে কোনেও ধৰিব পৰা নাছিল । আজি খোদ পৰিবহন বিষয়াই জব্দ কৰা গাড়ীত ধন সংগ্ৰহ কৰিবলৈ যোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহে আৰু তাৰ পিচতেই জিলা পৰিবহন বিষয়াৰ তৰফৰ পৰা এজাহাৰ দিয়াৰ কথাও জনায়। দলটোৱে ধন সংগ্ৰহৰ পিচত চিৰাং পৰিবহন বিষয়াৰ নামত ভুৱা ৰচিদ দিয়াৰ তথ্যও ফাদিল হৈছে ।

ইফালে দলটোৰ আন সদস্য সকলে পলায়ন কৰি গৈ কোকৰাঝাৰ জিলাৰ গোসাইগাঁওৰ নিৰ্দিষ্ট দুই/এজন সাংবাদিকৰ জৰিয়তে সমগ্ৰ বিষয়টো নিউজ নকৰিবলৈ সংবাদ মাধ্যমক মেনেজ কৰাৰ চেষ্টা কৰাৰ তথ্যও পোহৰলৈ আহে ।

এই সমগ্ৰ ঘটনাৰ পাছত এতিয়া অপেক্ষা মাথো ৰাজ্যৰ পৰিবহন বিভাগ আৰু আৰক্ষী বিভাগে এই ধৰনৰ ভুৱা পৰিবহন বিষয়াৰ বিৰুদ্ধে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহন কৰে ।