গুৱাহাটী : বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ আগিয়াৰ ৰামপুৰত অনুষ্ঠিত হয় ‘আণ্ডাৰ দা শাল ট্ৰি’ নাট মহোৎসৱৰ (Drama Under The Saal Tree) প্ৰথম দিনাৰ নাট প্ৰদৰ্শন আৰু উদ্বোধনী কাৰ্যসূচী। বাদুংদুপ্পাৰ পৰিচালন সঞ্চালক মদন ৰাভাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত আছিল তামিলনাডুৰ স্বনামধন্য নাট্য ব্যক্তিত্ব ড° আৰ কালীস্বৰণ।

লোক সংস্কৃতিৰ গৱেষক, প্ৰসাৰক ড° আৰ কালীস্বৰণে তেওঁৰ ভাষণত লোকায়তৰ শিপা সম্পৰ্কে কয়। প্ৰথম দিনৰ প্ৰথমখন নাটক আছিল বাদুংদুপ্পাৰ নিজা নিবেদন, মদন ৰাভাৰ ৰচনা আৰু ধনঞ্জয় ৰাভাৰ পৰিচালনাৰে “ৰিছি জলংকা” নাটকখনে দৰ্শকৰ ভূয়সী প্ৰসংশা লাভ কৰে। প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ সৃষ্টি বাদুংদুপ্পাৰ উদ্দেশ্য এই ভূখণ্ডৰ বাবে নাটকৰ নিজা পৰিভাষা আৰু শৈলী বিনিৰ্মাণ। সেই লক্ষ্যক সৰোগত কৰি ত্ৰয়োদশ বৰ্ষত ভৰি দিয়া ‘আণ্ডাৰ দা শাল ট্ৰি’ নাট মহোৎসৱৰ প্ৰথম দিনাৰ দ্বিতীয় দৰ্শনী আছিল কোলহাপুৰ, মহাৰাষ্ট্ৰৰ ‘টিনি টলচ’ৰ নিবেদন, প্ৰতীক্ষা খাচনিচৰ দ্বাৰা ৰচিত পৰিচালিত ‘আলোৰ গান’। মাৰাঠী আৰু বাংলা এই দুয়োটা ভাষাৰ নাটকখনেও দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰে।

শালনীৰ মাজত মাটিৰ মঞ্চত  যান্ত্ৰিক শব্দ আৰু পোহৰ অবিহনে কৰা এই নাট মহোৎসৱ ইতিমধ্যে দেশে-বিদেশে চৰ্চিত হৈ উঠিছে। এই বৰ্ষত ভাৰত তথা বিদেশৰ বহু নাট্য ব্যক্তিত্ব‌ই অংশ গ্ৰহণ কৰে। সন্ধ্যা অনুষ্ঠিত হোৱা আলোচনা সভাত দুয়োখন নাটকৰ বিষয়ে চৰ্চা হয়। আলোচনা সভাত বিভিন্ন গৱেষকে বাদুংদুপ্পাৰ অভিনৱ নাট্যশৈলীৰ প্ৰসংশা কৰে আৰু কয় যে বাদুংদুপ্পাৰ এই শৈলী ভাৰতবৰ্ষৰ চুকে কোণে বিয়পি পৰিছে। বাদুংদুপ্পাৰ ‘স্পেচ্’ৰ অনুকৰণত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত নাট্য মহোৎসৱ গঢ়ি উঠিছে। লগত প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ সপোন বিশ্ব দৰবাৰক অসমৰ এখন চোতাললৈ অনাৰ সপোন ফলৱতী হোৱাৰ দিশে আগবাঢ়ি গৈছে।

শুকুৰবাৰে বাদুংদুপ্পাৰ মাটিল মঞ্চত নিবেদন কৰা হ’ব শ্ৰীল‌ংকাৰ চল্ট থিয়েটাৰ নিবেদন, অনুসূয়া সুবাসিংঘে ৰচিত আৰু পৰিচালিত নাটক ‘চুইট ৰ’টেন হেৰিটেঞ্চ’। দ্বিতীয় দৰ্শনীত মঞ্চস্থ হ’ব পশ্চিম বংগৰ ‘বিৰাট সমূহ পাৰফৰ্মাচ কালেক্টিভৰ নাটক, তিতাছ দত্তৰ ৰচনা আৰু পৰিচালনাৰে ‘অথঃ হিড়িম্বা কথা’। সন্ধিয়া বাদুংদুপ্পা চোতালত অন্তৰংগ মঞ্চায়ন হ’ব গুৱাহাটীৰ এনকা ক্ৰিয়েটিভ লাইনৰ অসমীয়া ভাষাৰ নাটক ‘ ইৰেনডিৰাছ মেটাম’ৰফ’চিচ্’। ৰচনা মৃণালজ্যোতি গোস্বামী আৰু নম্ৰতা শৰ্মাৰ। পৰিচালনা মৃণালজ্যোতি গোস্বামীৰ।