মানকাচৰ : বাল্য বিবাহ সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। ২০১৯-২০ বৰ্ষৰ সমীক্ষাত দক্ষিণ শালমাৰা-মানকাচৰ জিলাত সম্পন্ন হোৱা মুছলিম বিবাহৰ ৪৪.৫ শতাংশ বিবাহ হৈছে বাল্য বিবাহ। জিলাখনত বাল্য বিবাহ বন্ধ কৰাৰ বাবে জিলা প্ৰশাসনৰ কঠোৰ পদক্ষেপ। চৰকাৰী কাজীৰ বাহিৰে অন্য কোনো কাজী, ইমামে কৰাব নোৱাৰিব বিবাহ। গাওঁবুঢ়া আৰু সচেতন ৰাইজক সজাগ হ’বলৈ আহ্বান চৰকাৰী কাজীৰ। বাল্য বিবাহৰ লগত জড়িত দুজন চৰকাৰী কাজীক ইতিমধ্যে নিলম্বন কৰা হৈছে।

২০১৯-২০ বৰ্ষত ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ এক প্ৰতিবেদন মতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ইতিমধ্যে সম্পন্ন হোৱা মুছলিম বিবাহৰ ৪৪.৫ শতাংশ বিবাহ বাল্য বিবাহ বুলি প্ৰকাশ পাইছে। এই ঘটনাক লৈ জিলাখনত যোৱা ১৯ জুলাই তাৰিখে জিলা প্ৰশাসনৰ উদ্যোগত মুঠ ২৬ টা বিভাগৰ মুৰব্বী সকলক লৈ এখন জৰুৰী সভা অনুষ্ঠিত কৰা হয়। এই সভাখনৰ জৰিয়তে জিলা প্ৰশাসনে বাল্য বিবাহ বন্ধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনত এতিয়াৰ পৰা চৰকাৰী কাজীৰ বাহিৰে কোনো ব্যক্তিগত কাজী, ইমাম বা কাজীৰ এজেন্ট সকলে মুছলিম বিবাহ কৰাব নোৱাৰিব।

জিলাখনত তিনি গৰাকী চৰকাৰী কাজী আছিল যদিও বাল্য বিবাহৰ লগত জড়িত দুজন চৰকাৰী কাজীক ইতিমধ্যে জিলা প্ৰশাসনে নিলম্বন কৰিছে। বৰ্তমানে জিলাখনত মাত্ৰ এজন চৰকাৰী কাজী আছে। মৌলানা আবুল কালাম কাচিমী নামৰ কাজীজনে জিলাখনৰ ৩৫ খন গাঁও পঞ্চায়ত এলেকাত বিবাহ কৰোৱাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সম্মুখীন হ’বলগীয়া হৈছে। জিলাখনত এদিনত অধিক বিবাহ কৰোৱাটো এজন কাজীৰ বাবে সম্ভৱ নহয়। সেই বাবে জিলা প্ৰশাসনে যাতে এই চৰকাৰী কাজীৰ তলতীয়াকৈ আৰু অধিক কাজীৰ উপ কাৰ্যালয় স্থাপন কৰে তাৰ বাবে স্থানীয় সচেতন ৰাইজে দাবী উত্থাপন কৰিছে। বাল্য বিবাহ বন্ধৰ বাবে জিলা প্ৰশাসনৰ সিদ্ধান্তক জিলাখনৰ সচেতন মহলে আদৰণি জনাই জিলাখনত কমেও পাঁচটা জিলা পৰিষদ এলেকাত উপ কাৰ্যালয় স্থাপনৰ দাবী জনাইছে।

জিলাখনৰ কোনো গাঁও বা অঞ্চলত যদি কোনো ব্যক্তিয়ে গোপনে বাল্য বিবাহ কৰায় তেন্তে সেই গাঁৱৰ গাঁও প্ৰধান বা সচেতন ব্যক্তিয়ে যাতে চৰকাৰী কাজী মৌলানা আবুল কালাম কাচিমীক অৱগত কৰে তাৰ বাবে তেওঁ জিলাবাসীক আহ্বান জনাইছে। উল্লেখ্য যে মৌলানা আবুল কালাম কাচিমীয়ে দীৰ্ঘদিন ধৰি জিলাখনত বাল্য বিবাহ বন্ধ কৰাৰ বাবে কেইবাটাও কাৰ্যসূচী হাতত লৈছে। মুছলিম সম্প্ৰদায়ত যাতে বাল্য বিবাহ নহয় তাৰ বাবে তেওঁ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ লগতে যি সকল ব্যক্তিগত কাজী বা ইমামে বাল্য বিবাহ সম্পন্ন কৰে তেওঁলোকক আৰক্ষীৰ দ্বাৰা আইনগত ব্যৱস্থা গ্ৰহণ কৰি সচেতন মহলত দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।