মৰিয়ানী : চাহ বাগিচাৰ কলঘৰত কাম কৰি থকা অৱস্থাত এক দুর্ঘটনাত পতিত হৈ গুৰুত্বৰভাৱে আহত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুৰে যুঁজি আছে মইনা নায়ক নামৰ এগৰাকী কিশোৰী। মইনা নায়ক বাগিচাৰ কলঘৰত দুর্ঘটনাত পতিত হোৱাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। মইনা নায়কৰ ঘটনাৰ অনুৰূপ ধৰণৰ ঘটনা সংঘটিত হৈছে যোৰহাট জিলাৰ মৰিয়ানীৰ চেলেং চাহ বাহিচাত।

মৰিয়ানীৰ চেলেং চাহ বাগিচাৰ ৪ নম্বৰ লাইনৰ মদন পাটৰ নামৰ এজন ১৭ বছৰীয়া শ্ৰমিকে বাগিচাৰ গেছ পাইপ লাইনত কাম কৰি থাকোতেই সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। বাগিচাৰ ফেক্টৰীৰ ভিতৰত গেছ পাইপৰ বিস্ফোৰণত গুৰুত্বৰভাৱে আহত হয় মদন পাটৰ নামৰ শ্ৰমিকজন। বৰ্তমান মৃত্যু সৈতে যুঁজি আছে আহত মদন পাটৰ নামৰ অসহায় শ্ৰমিকজন। এই ঘটনাৰ পিছত চেলেং চাহ বাগিচাৰ কৰ্তপক্ষই সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে। গেছ পাইপৰ বিস্ফোৰণ হোৱাৰ ফলত মদন পাটৰৰ বাওঁভৰি সম্পূৰ্ণৰূপে ভাঙি যায়।

১৭ বছৰীয়া মদন পাটৰে ৩ মাহ পূৰ্বে চেলেং বাগিচাৰ ফেক্টৰীত কয়লাৰ গেছ পাইপৰ কৰ্মচাৰী হিচাপে যোগদান কৰিছিল। কিন্ত ভয়ংকৰ দুৰ্ঘটনাত আহত হোৱাৰ পিছতো মদন পাটৰৰ পৰ্যাপ্ত চিকিৎসাৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপিত হৈছে চেলেং চাহ বাগিচাৰ কতৃপক্ষৰ বিৰুদ্ধে। গেছ পাইপ লাইনৰ কাম কৰোতে মদন পাটৰক পৰ্যাপ্ত নিৰাপদ পোছাকো চেলেং বাগিচাৰ কতৃপক্ষই যোগান ধৰা নাছিল বুলিও অভিযোগ উত্থাপন হৈছে।

মদন পাটৰৰ পৰিয়ালৰ লোকে বাগিচা কৰ্তৃপক্ষই মদন পাটৰৰ চিকিৎসা সঠিকভাৱে নকৰাৰ বাৰাম্বাৰ অভিযোগ উত্থাপন কৰিছে যদিও অসহায় শ্ৰমিক পৰিয়ালটোৰ হৈ মাত মাতিবলৈ যেন কৰোৱাই সময় নাই। এজন ভাল চিকিৎসক বিচাৰি হাবাথুৰি খাইছে দৰিদ্ৰ মদন পাটৰৰ পৰিয়ালে। কিন্ত কোনে সহায় কৰিব দৰিদ্ৰ মদন পাটৰৰ পৰিয়ালক ? প্ৰমোদ ভ্ৰমণত ব্যস্ত মৰিয়ানীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰো সময় নাই মদৰ পাটৰৰ এটা খবৰ লবলৈ, এই অভিযোগ মদন পাটৰৰ পৰিয়ালৰ।