আজিজ আলী
মুকালমুৱা : মুকালমুৱাৰ চান্দা চৰত সংঘটিত হৈছে এক হত্যাকাণ্ড। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাৰ চান্দা চৰত সংঘটিত হোৱা এই হত্যাকাণ্ডক কেন্দ্ৰ কৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। নৱ বিবাহিতা মহিলাক হত্যা কৰি স্বামী পৰিয়ালে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তর্গত মুকালমুৱাৰ চান্দা চৰত এক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। আচমিনা বেগম নামৰ এগৰাকী নৱ বিবাহিতা মহিলাক স্বামী পৰিয়ালৰ লোকে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। দিদাৰ আলীৰ পত্নী আচমিনা বেগমক স্বামী পৰিয়ালৰ লোকে হত্যা কৰাৰ অভিযোগ।

আচমিনা বেগম নামৰ নৱ বিবাহিতা মহিলা গৰাকীক স্বামী পৰিয়ালৰ লোকে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে আচমিনা বেগমৰ পিতৃ গৃহৰ পৰিয়ালৰ লোকে। আচমিনা বেগমক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ উত্থাপন কৰিছে পিতৃ গৃহৰ পৰিয়ালৰ লোকে।

মুকালমুৱাৰ বৰধাপৰ আচমিনা বেগম সামাজিক প্ৰথাৰে বিবাহ পাশত আৱদ্ধ হৈছিল দিদাৰ আলীৰ সৈতে। বিবাহৰ পিছৰে পৰা যৌতুক বিচাৰি আচমিনা বেগমক স্বামী গৃহৰ পৰিয়ালৰ লোকে অকথ্য অত্যাচাৰ চলাই থকাৰ অভিযোগ উত্থাপন হৈছে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ।ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে দিদাৰ আলীসহ পৰিয়ালৰ চাৰি সদস্য ক্ৰমে মহিবৰ আলী, চুমুৰ আলী, দিলজান বেগম আৰু নুৰজাহান বেগমক আটক কৰিছে। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তোৰ পৰীক্ষাৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। দিদাৰ আলীয়ে ইয়াৰ পূৰ্বেও প্ৰথমা পত্নীক মৰিয়াই, মৰিয়াই হত্যা কৰাৰ অভিযোগ গাঁওবাসীৰ৷