গুৱাহাটী, ১৪ নৱেম্বৰঃ “দেশৰ ভৱিষ্যত শিশু সকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে সকলোৱে দায়বদ্ধতাৰে কাম কৰিব লাগিব। শিশুসকলক উপযুক্ত শিক্ষা প্রদান, খেলাৰ প্ৰতি ধাউতি বৃদ্ধি, স্বাস্থ্যৰ প্ৰতি সজাগ-সচেতন কৰাৰ বাবে পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়ন্ত্ৰীসকলে বিশেষ দায়িত্ব ল’ব লাগিব।” আজি অসম শিশু সাহিত্য ন্যাসৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্রশাসনৰ সহযোগত লতাশিল খেল পথাৰত আয়োজন কৰা শিশু দিৱসত মুখ্য অতিথি হিচাপে অংশ গ্রহণ কৰি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইদৰে কয়। মুখ্যমন্ত্রী সোণোৱালে কয় যে অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে শিশুসকলক দিহাপৰামর্শ দি ভাল-বেয়া দিশ সমূহ আঙুলিয়াই ইতিবাচক মনৰ অধিকাৰী কৰি তুলিব লাগিব যাতে জীৱনত সঠিক বাটেৰে আগুৱাই যাব পাৰে। কেৱলমাত্র আনুষ্ঠানিক শিক্ষা প্রদানতে শিক্ষক-শিক্ষয়িত্রী সকলৰ দায়িত্ব সীমাবদ্ধ নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ছাত্র-ছাত্ৰীসকলৰ মানসিক উৎকর্ষ সাধনৰ বাবেও কাম কৰিব লাগিব। শিক্ষানুষ্ঠানসমূহে আদর্শ ব্যক্তি গঢ়ি তোলাৰ বাবে শিশুৰ মানসিক দিগন্ত প্ৰসাৰিত কৰিব লাগিব। অপসংস্কাৰ, সামাজিক ব্যাধি নিৰাময়ৰ বাবে সংস্কাৰমুখী যাত্ৰাত শিক্ষক-শিক্ষয়ত্ৰীসকলে অগ্রণী ভূমিকা ল’ব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্রীয়ে শিশুসকলক শৃংখলাবদ্ধ,নিয়মানুৱৰ্তিতাৰ আদর্শ দাঙি ধৰাৰ ওপৰতো গুৰুত্ব আৰােপ কৰে। প্রাক্তন প্রধানমন্ত্রী জৱাহৰলাল নেহেৰুৱে শিশু সকলৰ ভৱিষ্যত সৱল ৰূপত গঢ় দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ৰাজ্যখনৰ শিশু খাদ্য আত্মসাৎ কৰা সকলে নেহৰুৰ কথা উপলব্ধি কৰিব পৰা নাই বাবে শিশুৰ ভৱিষ্যত অসুৰক্ষিত কৰি শিশুৰ নামত থকা ধন হৰলুকি কৰিছে। সেইবাবে তেওঁলোকে অনুশোচনা কৰা উচিত। এনে ধৰণৰ ঘটনা যাতে ভৱিষ্যতে সংঘটিত নহয় তাৰ বাবে শিশু দিৱসৰ দিনা সংকল্পবদ্ধ হােৱা উচিত বুলি মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্রীয়ে আধুনিক প্রযুক্তিবিদ্যাৰ অপব্যৱহাৰ কৰি ছাত্র-ছাত্ৰীসকলে যাতে জীৱনৰ বাটত বিচলিত হ’ব নোৱাৰে,তাৰ বাবে অভিভাৱকসকল সচেতন হ’ব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়। সভাত আদৰণি ভাষণ প্রদান কৰি মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে কয় যে অসম শিশু সাহিত্য ন্যাসে শিশুসকলৰ মানসিক আৰু বৌদ্ধিক উত্তৰণৰ বাবে কাম কৰি আহিছে। যোৱা বছৰৰ পৰা শিশুসকলক ইতিবাচক দিশৰে আগুৱাই নিয়াৰ বাবে বিভিন্ন কাৰ্যসূচী গ্রহণ কৰি অহা হৈছে বুলি উল্লেখ কৰি গোস্বামীয়ে কয় যে ন্যাসে এতিয়ালৈকে ২৫০ খনৰাে অধিক পুথি প্রকাশ কৰিছে। দেশৰ ভৱিষ্যত সম্পদ শিশু সকলৰ মাজত লুকাই থকা সুপ্ত প্রতিভা জাগ্ৰত কৰাৰ বাবে ন্যাসে কাম কৰি আহিছে বুলিও মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা গৰাকীয়ে কয়। আজিৰ অনুষ্ঠানত পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচার্য, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচার্য হিতেশ ডেকা, শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, মহানগৰ আৰক্ষী আয়ুক্ত হীৰেণ নাথ, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত এম অংগমুথু, বিশিষ্ট সাহিত্যিক অৰূপ দত্ত প্রমুখ্যে বিশিষ্ট সাহিত্যিক, গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল। আজিৰ এই অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে অসম শিশু সাহিত্য ন্যাসে প্রকাশ কৰি উলিওৱা ১০ খন শিশুগ্ৰন্থও আনুষ্ঠানিকভাৱে উন্মোচন কৰে। মুখ্যমন্ত্রীয়ে বেলুন উৰুৱাই শিশু দিৱস উপলক্ষে অনুষ্ঠিত কৰা চিত্রাংকন প্রতিযোগিতাৰ শুভাৰম্ভণি কৰে।