কলগাছিয়া, ১৪ নৱেম্বৰ: কলগাছিয়াৰ তিতাপানী গাঁও পঞ্চায়তৰ সভানেত্ৰী ছুফিয়া খাতুনে কেইবাটাও মছজিদ আৰু এটা কৱৰস্থানত ১৪তম ফাইনেন্স কমিছন আঁচনিৰ পৰা ৰূপায়ন কৰিছিল কিছু কামৰ তালিকা। ২০১৫-১৬ বিত্তীয় বৰ্ষত বগুলামাৰি মছজিদত ১ লাখ, দক্ষিণ ক্ষুদ্ৰকুছি মছজিদত ১ লাখ, ক্ষুদ্ৰকুছি জামে মছজিদত ১.৫ লাখ টকা পানী যোগান আঁচনিৰ বাবে আৰু তিতাপানী মাছজিদত পানী যোগান আৰু চেনিটেছনৰ বাবে ৩ লাখ টকা আৱণ্টন দিয়ে যদিও একেবাৰে নিম্নমানৰ কাম কৰাৰ উপৰি কোনো এটা কামেই আঁচনিমতে নকৰাৰ অভিযোগ কৰিছে ৰাইজে। ইয়াৰোপৰি ২০১৫-১৬ বিত্তীয় বৰ্ষত একে আঁচনিৰ পৰা চেনিমাৰী জান্নাতুল কৱৰস্থানত দেৱাল আৰু গছ ৰোপনৰ নামত ৩ লাখ টকা আৱণ্টন দিছিল কিন্তু নামমাত্ৰ এটা ফালৰ দেৱাল বনাই বাকী সকলো টকা আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে। আনহাতে তিতাপানী মাছজিদত ২০১৭-১৮ বিত্তীয় বৰ্ষত মাটি পেলোৱাৰ নামতো এম জি এনৰেগা আঁচনিৰ অধীনত ৭ লাখ টকা ধাৰ্য্য কৰিছে যদিও কেৱল ১.৫ লাখ টকাৰ কাম কৰিছে বুলি ৰাইজে জানিবলৈ দিছে। ইয়াৰ লগতে তিতাপানী মক্তব ঘৰৰ পৰা হাকিম খানৰ ঘৰলৈ ২০১৬-১৭ বৰ্ষত মাটি আৰু বালি-পাথৰৰ নামত ৪ লাখ, পুনৰ একে বৰ্ষতেই মাটি আৰু বালি-পাথৰ আৰু গছ ৰোপনৰ নামত ৭.৫ লাখ টকা আৱণ্টন পায় যদিও কিছু পৰিমাণৰ মাটি পেলাই সকলো টকা আত্মসাৎ কৰিছে বুলি ৰাইজে জানিবলৈ দিয়ে। এই বছৰ অৰ্থাৎ ২০১৭-১৮ বিত্তীয় বৰ্ষত পুনৰ একেটা পথত পুনৰ এম জি এনৰেগাৰ পৰা আঁচনি ধৰি আধাৰশিলা স্থাপন কৰি নিশাৰ ভিতৰতে আধাৰশিলাটো পঞ্চায়ত সভানেত্ৰীগৰাকীয়ে ভাঙি পেলাইছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে। এই ক্ষেত্ৰত স্থানীয় ৰাইজ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাই অভিযোগ কৰি কয় যে, পঞ্চায়ত সভানেত্ৰী ছুফীয়া খাতুন আৰু তেওঁৰ স্বামী মাণিক আলীয়ে প্ৰতিটো কামত ইমান দুৰ্নীতি কৰিছে তাৰ হিচাপ নাই। এটা পথৰ ওপৰতে আঁচনি ধৰিছে। গতিকে পঞ্চায়ত সভানেত্ৰী ছুফীয়া খাতুন আৰু দায়িত্ববাহী বিষয়া তথা অভিযন্তাৰ বিৰুদ্ধে তিতাপানী গাঁও পঞ্চায়তৰ সকলো কামৰ তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰাৰ লগতে পঞ্চায়ত সভানেত্ৰী আৰু দুৰ্নীতিগ্রস্থ বিষয়াসকলৰ বিৰুদ্ধে থানাত এজাহাৰ দিব বুলি জানিবলৈ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷