গুৱাহাটী, ১৪ নৱেম্বৰ: ৰাজ্যখনৰ ফুটবল প্রতিভাসমূহ বিকশাই তোলাৰ বাবে এখন ফুটবল একাডেমী স্থাপন কৰাৰ বাবে ইচ্ছা প্রকাশ কৰিছে বিশিষ্ট অভিনেতা তথা আই এছ এলৰ নৰ্থ-ইষ্ট এফ চিৰ স্বত্ত্বাধিকাৰী জন আব্রাহামে। আজি ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক সাক্ষাৎ কৰাৰ সময়ত তেওঁ এই কথা প্রকাশ কৰে। বিশ্বমানৰ আৰু বিজ্ঞানসন্মত ফুটবল একাডেমী স্থাপনৰ ক্ষেত্ৰত ভূমি প্রদানকে ধৰি সকলো ধৰণৰ সা-সুবিধা ৰাজ্য চৰকাৰে আগবঢ়াব বুলি মুখ্যমন্ত্রীয়ে অভিনেতাগৰাকীক কয়। মুখ্যমন্ত্রী সোণোৱালে কয় যে ৰাজ্য চৰকাৰে ক্রীড়াৰ বিকাশৰ ওপৰত সর্বাধিক গুৰুত্ব আৰােপ কৰিছে৷ গুৱাহাটীক ক্রীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰি খেলৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰােপ কৰিছে। ৰাজ্যখনত ফুটবলৰ যথেষ্ট জনপ্রিয়তা আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই ক্ষেত্ৰত নতুন প্রজন্মক আগবঢ়াই নিয়া আৰু ক্রীড়া প্রতিভাসমূহ চিনাক্তকৰণৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্রহণ কৰিছে। ক্রীড়াৰ জৰিয়তে আছিয়ান দেশসমূহৰ লগত সম্পর্ক সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্রীয়ে বিশিষ্ট অভিনেতাগৰাকীক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোড়ীয়ে “এক্ট ইষ্ট পলিচিৰ জৰিয়তে দক্ষিণ-পূৱ এছিয়াৰ দেশ সমূহৰ লগত ব্যৱসায়-বাণিজ্য, সাংস্কৃতিক সম্পর্ক সুদৃঢ় কৰিব বিচাৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে গুৱাহাটীক দক্ষিণ-পূৱ এছিয়াৰ দুৱাৰমুখ হিচাপে পৰিগণিত কৰাৰ বাবে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত ক্রীড়াই এক নির্ণয়াত্মক ভূমিকা গ্রহণ কৰিব পাৰে বুলিও মুখ্যমন্ত্রীয়ে কয়। গুৱাহাটীত এটা ক্রীড়া কেন্দ্র স্থাপন কৰাৰ দিশতো চিন্তা-চৰ্চা কৰা হৈছে বুলি উল্লেখ কৰি অভিনেতা গৰাকীয়ে কয় যে অহা বছৰ গুৱাহাটীত আছিয়ান দেশ সমূহৰ খেলুৱৈয়ে যাতে খেলিব পাৰে তাৰ বাবে পদক্ষেপ ল’ব বুলিও মুখ্যমন্ত্রীক অৱগত কৰে। বিশিষ্ট অভিনেতাগৰাকীয়ে মুখ্যমন্ত্রীক জনায় যে তেওঁ পর্যটন আৰু সাংস্কৃতিক খণ্ডৰ বিকাশৰ বাবেও কাম কৰিবলৈ ইচ্ছুক। অসমীয়া কথাছবিৰ লগত জড়িত হােৱাৰ ইচ্ছাৰ কথা ব্যক্ত কৰি অভিনেতা গৰাকীয়ে কয় যে পোখৰাণৰ আণৱিক বিস্ফোৰণক লৈ নির্মিত ছবিখনৰ প্রিমিয়াৰ শ্ব অহা বছৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিব বুলি জনায়।  মুখ্যমন্ত্রীয়ে এই ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। আজিৰ এই সাক্ষাতৰ সময়ত মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী উপস্থিত আছিল।