শিৱসাগৰ, সংবাদ ৩৬৫, ৫ ছেপ্টেম্বৰ : সোমবাৰে শিৱসাগৰৰ পৰ্যটন ক্ষেত্রৰ উত্তৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপ “চ’লফুল শিৱসাগৰ”ৰ অংশস্বৰূপে ২১ গৰাকীৰ এটা চীন আৰু থাইলেণ্ডৰ শিল্পীৰ দলে জিলাখনৰ বিভিন্ন পৰ্যটনথলী শিৱদৌল, শিৱসাগৰ পুখুৰী, ৰংঘৰ, তলাতল ঘৰ, ন-পুখুৰী আদি ঐতিহাসিক পৰ্যটনথলীসমূহ পৰিদৰ্শন কৰে।

২১ জনীয়া এই দলটো বিশিষ্ট লোকশিল্পী জিনা ৰাজকুমাৰীৰ উদ্যোগত তথা বৰলুইত কলাকৃষ্টি বিকাশ কেন্দ্ৰ আৰু সমৃদ্ধিৰ সহযোগত ১ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰলৈ যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্ৰত আয়োজিত “দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সন্মিলন আৰু প্ৰদৰ্শনী”ত অংশগ্ৰহণ কৰিছে৷

পৰ্যটন প্ৰকল্প প্ৰাংগনত চীনা আৰু থাই শিল্পীসকলে সংগীত আৰু নৃত্য পৰিবেশন কৰি উপস্থিত সকলোকে মুগ্ধ কৰে।

ইফালে এই অনুষ্ঠানতে মাদক দ্ৰব্যৰ ভয়াবহতা আৰু ইণ্টাৰনেটৰ দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে এক সজাগতামুলক অনুষ্ঠান পৰিবেশন কৰে ইউনিচেফৰ অধীনস্থ জিলা শিশু আৰু কিশোৰ-কিশোৰী কোষৰ উদ্যোগত একাংশ ছাত্ৰ-ছাত্ৰীয়ে ।